ETV Bharat / city

স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ পাঁচগৰাকী মহিলাই

লক ডাউনে কোঙা কৰা ঘৰখনক পুন উৎজ্জীৱিত কৰাৰ মানসেৰে কৃষিকৰ্মত ব্যস্ত কেইগৰাকীমান মহিলা ৷ স্বাৱলম্বী হোৱা আশাৰে কৃষি কৰ্মত আত্মনিয়োগ মহিলাকেইগৰাকীৰ

author img

By

Published : Jan 8, 2021, 3:45 PM IST

Five Women help their family to re establish their family
স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিলে নগাঁৱৰ পাঁচগৰাকী মহিলাই

নগাঁও, 8 জানুৱাৰী: কৃষি কৰ্মেৰে স্বাৱলম্বী হোৱাৰ আশাৰে নগাঁৱৰ ৰূপহীহাটত পথাৰত নামিল কেইগৰাকীমান মহিলা ৷ লক ডাউনৰ ফলত দৰিদ্ৰতায়ে কোঙা কৰি পেলোৱা নিজ পৰিয়ালটোক উদ্ধাৰৰ বাবে হাতে কামে পথাৰত ব্যস্ত হৈ পৰিছে মহিলাসকল ৷ নিজৰ গাঁঠিৰ ধনেৰে পাঁচ বিঘা মাটিত সৰিয়হ আৰু আলু খেতি কৰাৰ লগতে এবিঘা মাটিত ৰঙালাও লগোৱাৰ ব্যৱস্থা কৰিছে এইসকল মহিলাই ৷ ৰূপহীহাটৰ জুৰীয়া চামধাৰৰ গাঁৱৰ এই মহিলাসকলৰ কাৰ্যই এক নতুন ৰেঙণি আনিব বুলি ধাৰণা কৰা হৈছে ৷

বিগত বৰ্ষত ক’ৰণা মহামাৰীৰ ভয়াৱহতাৰ লগতে লক ডাউনৰ ফলত ঘৰতে সোমাই থকাত সাঁচতীয়া ধন লাহে লাহে শেষ হৈ অহাত চিন্তিত হৈ পৰিছিল এই মহিলাসকল ৷ এনে সময়তে তেওঁলোকৰ মনলৈ আহিল এটি আশাৰ বতৰা ৷ পাঁচগৰাকী মহিলায়ে মিলি আদৰ্শ আত্মসহায়ক গোট নামেৰে খুলিলে এটা আত্মসহায়ক গোট ৷ প্ৰথমে তেওঁলোকে বেহুৱা, ক’লা মাহৰ গুৰা, বুটৰ গুৰা, মুড়িৰ লাডু, নাৰিকলৰ লাডু, তিলৰ লাডু বনাই বিক্ৰী কৰি আৰ্থিক ভাবে অকণমান টনকিয়াল হয় ৷ তাৰ পাছতেই তেওঁলোকে কৃষি কৰ্মৰ প্ৰতি মন মেলে আৰু বেলেগৰ পৰা মাটি আধি লৈ কৃষি কৰ্মত লাগে ৷ বৰ্তমান তেওঁলোকৰ কৰ্মৰাজিয়ে জুৰীয়াবাসী ৰাইজৰ মাজত সমাদৰ লাভ কৰিছে ৷ তেওঁলোকৰ কৰ্মৰাজীক লক্ষ্য কৰি অন্যান্য মহিলাও আগুৱাই যাব পাৰিব বুলি আশা কৰিছে জ্যেষ্ঠসকলে ৷

লগতে পঢ়ক : গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.