ৰূপহীহাট , 6 মাৰ্চঃ ৰূপহীহাটৰ জুৰীয়াৰ লাঙ্গীয়া চুইছ গেট বজাৰত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত বজাৰৰ ৫ খনকৈ দোকান সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয় ৷ অগ্নিকাণ্ডত নাছাৰুল ইছলাম , চিৰাজুল ইছলাম , ছাদিকুল ইছলাম আৰু চৈয়দুৰ ইছলামৰ দোকান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় । নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে দোকান সমুহ । জুইত জাহ যোৱা হোটেলৰ ভিতৰত থকা গেছ ছিলিণ্ডাৰ বিস্ফোৰণ হোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে ৷
স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত প্ৰায় ৫০ লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হৈছ বুলি জানিব পৰা গৈছে ৷ অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিৱ পৰা হোৱা নাই ।
লগতে পঢ়কঃ নিউজিলেণ্ডত ৬.৩ প্ৰাবল্যৰ ভূমিকম্প