নগাঁও, 2 জুন : পৰলোকপ্ৰাপ্ত উত্তৰ পূৱ ভাৰতৰ আমিৰে শ্বৰীয়ত মুফতি খাইৰুল ইছলামৰ জানাজা নামাজত কেবাসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে ডি এম এক্টৰ অধীনত গোচৰ ৰুজু হোৱাৰ পিছত এইবাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ।
লক্ ডাউনৰ নীতি-নিময়, সামাজিক তথা শাৰীৰিক দূৰত্ব সম্পূৰ্ণ ৰূপে উলংঘা কৰা বিধায়ক আমিনুল ইছলামৰ পিতৃ মুফটি খাইৰুল ইছলামৰ জানাজা নামাজৰ সময়ত উপস্থিত আছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ । অৱশ্যে নীতি নিয়ম অনুসৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মাস্ক পৰিধান কৰি উপস্থিত হৈছিল উক্ত স্থানত ।
মঙলবাৰে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই দাখিল কৰা এজাহাৰৰ ভিত্তিতেই জুৰীয়া আৰক্ষীৰ থানাত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক আমিনুল ইছলামৰ লগতে বিধায়কৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে 263/20 আৰু 264/20 নম্বৰত পৃথকে পৃথকে দুটাকৈ গোচৰ ৰুজু কৰা হয় ।
উল্লখযোগ্য যে, জানাজাত হোৱা জনসমাগমৰ বাবে জুৰীয়াৰ দগাঁও, ধিং গাঁও আৰু পৰমাইভেটি অঞ্চলত দেওবাৰ বিয়লি তিনি বজাৰ পৰা এসপ্তাহৰ বাবে লক ডাউন ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে ।