ETV Bharat / city

‘I look into’...কাক হোৱাটছ এপ মেছেজৰ ৰিপ্লাই দিলে শক্তিমন্ত্ৰীয়ে - Etv bharat news impact kaliabar

অৱশেষত মেছেজৰ ৰিপ্লাই দিলে শক্তি মন্ত্ৰী বিমল বৰাই ৷ Etv Bharat ত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতহে মেছেজৰ বিষয়ে জ্ঞাত হ’ল শক্তিমন্ত্ৰীগৰাকী ৷ মিছামুখবাসীৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হ’ল ৷

Transformer Connected at misamukh
হোৱাটছ এপৰ মেছেজৰ ৰিপ্লাই দিলে শক্তিমন্ত্ৰীয়ে
author img

By

Published : Aug 9, 2021, 1:47 PM IST

কলিয়াবৰ, 9 আগষ্ট : এটা বিশেষ হোৱাটছ এপ মেছেজ ৷ এই বিশেষ হোৱাটছ এপ মেছেজতে গা লৰিবলৈ বাধ্য হ’ল শক্তি বিভাগৰ ৷ ঘটনাৰ স্থান কলিয়াবৰৰ মিছামুখ ৷ কিছুদিন পূৰ্বে ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল এক বাতৰি ৷ এই বাতৰি প্ৰকাশৰ 48 ঘণ্টাৰ পাচতে প্ৰভাৱ পৰিলক্ষিত হ’ল মিছামুখত ৷

চলিত বৰ্ষৰ 3 আগষ্টত কলিয়াবৰৰ মিছামুখ গাঁৱত বিদ্যুতৰ লুকা-ভাকু আৰু নিম্ন ভল্টেজৰ বিষয়ে বাতৰি সম্প্ৰচাৰিত হৈছিল ৷ এটা ট্ৰেন্সফৰ্মাৰৰ অভাৱত বিদ্যুতৰ সমস্যাই সঘনাই দেখা দিছিল অঞ্চলটোত ৷ উৎকট গেলা গৰমৰ পৰা পৰিত্ৰাণ বিচৰাৰ লগতে এটা ট্ৰেন্সফৰ্মাৰ স্থাপনৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল কলিয়াবৰৰ মিছামুখ গাঁৱবাসীয়ে ৷

বিদ্যুতৰ নিম্নগামী ভল্টেজৰ বাবে নিশা হ'লেই অন্ধকাৰত ডুব গৈছিল সমগ্ৰ মিছামুখ অঞ্চল ৷ ফলত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ ৰাইজ । উৎকট গৰমত বিনিদ্ৰ ৰজনী পাৰ কৰিছিল গাঁৱখনৰ ৰাইজে । এই সমস্যাটোৰ সন্দৰ্ভত শক্তিমন্ত্ৰী বিমল বৰাক গাঁৱখনৰ যুৱকৰ এটা দলে হোৱাটছ এপ যোগে অৱগত কৰিছিল । বিভাগীয় মন্ত্ৰীগৰাকীয়ে মাথো I Look Into বুলি ৰিপ্লাই দি দায়িত্ব সামৰিছিল ৷

এতিয়া সন্তুষ্ট কলিয়াবৰৰ মিছামুখবাসী

লগতে পঢ়ক: নাওবৈচাত বিদ্যুৎ বিচাৰি ৰাইজৰ উত্তাল প্ৰতিবাদ

উপায়হীন মিছামুখ গাঁৱৰ ৰাইজে অৱশেষত কাষ চাপিছিল সংবাদ মাধ্যমৰ । যি বাতৰি সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ বাতৰি সম্প্ৰচাৰিত হোৱাৰ ৪৮ ঘণ্টাৰ পাচতে বিদ্যুতৰ খুঁটা, ট্ৰেন্সফৰ্মাৰ লৈ গাঁৱখনত উপস্থিত হৈছিল শক্তি বিভাগৰ বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰ ।

তাৰ পাচতেই তৎপৰ শক্তি বিভাগে মিছামুখত নতুনকৈ সংস্থাপন কৰিলে এটা ট্ৰেন্সফৰ্মাৰ । অৱশেষত মিছামুখ গাঁৱৰ ৰাইজে ৭ আগষ্টৰ পৰা লাভ কৰিবলৈ ল’লে নিয়মীয়া বিদ্যুত সেৱা । যাক লৈ এতিয়া সন্তুষ্ট কলিয়াবৰৰ মিছামুখবাসী ৷ উল্লেখ্য যে, ২০১৭ চনৰে পৰা বহুবাৰ আবেদন-নিবেদন কৰি বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজে লাভ কৰিছিল এটা নতুন ট্ৰেন্সফৰ্মাৰ । কিন্তু নিৰ্বাচনৰ ১০ দিন পিচতে ট্ৰেন্সফৰ্মাৰটো সংস্থাপনৰ প্ৰতিশ্ৰুতি দিয়া সংশ্লিষ্ট বিভাগে সংস্থাপন কৰিবলৈ যেন পাহৰিছিল নতুন ট্ৰেন্সফৰ্মাৰটো ।

লগতে পঢ়ক: "I look into" হোৱাটছ এপত কাক মেছেজ দিলে শক্তিমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.