ETV Bharat / city

মোৱামাৰীৰ চৰকাৰী বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বুকুত জাহ - মোৱামাৰীৰ চৰকাৰী বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বুকুত জাহ

চকুৰ পচাৰতে চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰৰ গৰা ৷ জাহ গৈছে এটাৰ পিছত এটা বাসগৃহ । শেহতীয়াকৈ নগাঁৱৰ ধিঙৰ মোৱামাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ধাৰণ কৰা কালৰূপ ধাৰণ কৰিছে । মোৱামাৰীৰ চৰকাৰী বিদ্যালয়খনো সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে (Erosion threatens Mowamari govt school in Nagaon) ।

Erosion threatens Mowamari govt school in Nagaon
মোৱামাৰীৰ চৰকাৰী বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বুকুত জাহ
author img

By

Published : Jul 2, 2022, 10:01 PM IST

নগাঁও, 2 জুলাই: বানৰ সমান্তৰালকৈ এতিয়া গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত ৷ বিশেষকৈ জিলাখনৰ লাওখোৱা, ধিং আদি অঞ্চলৰ বিভিন্ন প্ৰান্তত এতিয়া আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । ধিঙৰ মোৱামাৰীকে ধৰি বহুকেইটা এলেকাত এতিয়াও অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । একেদৰে জিলাখনৰ লাওখোৱাৰ ভুৰবন্ধা, বৰঘুলি আদি অঞ্চলটো অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ।

মোৱামাৰীৰ চৰকাৰী বিদ্যালয় ব্ৰহ্মপুত্ৰৰ বুকুত জাহ

অঞ্চলকেইটাত চকুৰ পচাৰতে চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ পাৰৰ গৰা । জাহ গৈছে এটাৰ পিছত আনটো বাসগৃহ । বৰলুইতৰ বুকুত বিলীন হৈছে হেক্টৰ হেক্টৰ কৃষিভূমি । এই পৰ্যন্ত জিলাখনৰ বহু গাঁও ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰি নিশ্চিহ্ন হৈ পৰিছে (Brahamputra erosion at Dhing) । বছৰ বছৰ ধৰি অঞ্চলকেইটাত হৈ থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কৱলত পৰি বহু কৃষক পৰিণত হৈছে দিন হাজিৰা কৰা শ্ৰমিকলৈ । কিন্তু কোনো এখন চৰকাৰে এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মতভাৱে এই পৰ্যন্ত গ্ৰহণ কৰা নাই কোনো পদক্ষেপ ।

শেহতীয়াকৈ নগাঁৱৰ ধিঙৰ মোৱামাৰী অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই ধাৰণ কৰা কালৰূপত শংকিত হৈ পৰিছে নৈ পৰীয়া শ-শ পৰিয়াল । কেৱল ঘৰ বাৰীয়েই নহয় মোৱামাৰীৰ চৰকাৰী বিদ্যালয়খনো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে (Erosion threatens Mowamari govt school in Nagaon) । ধিঙৰ মোৱামাৰী প্ৰাথমিক বিদ্যালয়খনো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ উপক্ৰম ঘটাত চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী, অভিভাৱকৰ লগতে বিদ্যালয় কৰ্তৃপক্ষও ।

যাৰ বাবে উপায়হীন হৈ বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ এপদ এপদ সামগ্ৰী স্থানান্তৰ কৰাৰ চেষ্টা চলাইছে । বিদ্যালয়খন লুইতৰ বুকুত জাহ গ’লে কি হ'ব অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত তাক লৈ চিন্তিত হৈ পৰিছে সকলো ৷ মুঠৰ ওপৰত ব্ৰক্ষ্মপুত্ৰৰ গৰাখহনীয়াই এতিয়া নিদ্ৰা হৰিছে নৈপৰীয়া বহু পৰিয়ালৰ ।

লগতে পঢ়ক: বিলাসীপাৰাত ৭৩তম বন মহোৎসৱ উদযাপন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.