নগাঁও, 22 নৱেম্বৰ : গ্ৰন্থ অধ্যয়নৰ বাবে যেন এক ব্যতিক্ৰমী আন্দোলন আৰম্ভ কৰিছে নগাঁৱৰ খালৈগাঁৱৰ জিলমিল বৰদলৈ ওৰফে দীপ বৰদলৈয়ে । নগাঁৱৰ খালৈগাঁৱত স্থাপন কৰা এখন চেলুনৰ পৰাই আৰম্ভ কৰিছে গ্ৰন্থ অধ্যয়নৰ এক আন্দোলন । চেলুনখনৰ নাম 'চিকুন মহল' । জিলমিলে তেওঁৰ চেলুনখনৰ লগত ক্ষুদ্ৰভাৱে সংলগ্ন কৰিছে এটি পুঁথিভৰাল । জিলমিলৰ এই ইতিবাচক প্ৰচেষ্টাত সহযোগিতা আগবঢ়াইছে অসমৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী আলিবাট প্ৰকাশনৰ স্বতাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই ।

জিলমিল ওৰফে দীপ কুমাৰ বৰদলৈৰ এই 'চিকুন মহল' নামৰ এই চেলুনখনৰ লগত সংলগ্ন ক্ষুদ্ৰ পুথিভঁৰালটো ইতিমধ্যেই মুকলি কৰা হৈছে সাধাৰণ লোক অথবা পাঠক সমাজৰ বাবে । অঞ্চলটোৰ বিশিষ্ট কবি কেশৱ বৰা, সমাজকৰ্মী শিৱৰাম বৰদলৈ, গুৰুপ্ৰসাদ বৰদলৈ, লাচিত বৰফুকন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিচিত্ৰমোহন ডেকা, বেংক বিষয়া গজেন্দ্ৰ ভড়ালী, সমাজকৰ্মী মুকুন্দ বৰা, লক্ষীনন্দন ডেকা, কবি দীপালী বৰদলৈ, বিষ্ণু বৰা, লাচিত বৰফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মুকুল কুমাৰ নাথ, বিশিষ্ট কুইজাৰ চন্দ্ৰজিৎ দাস, 'দৈনিক অসম'ৰ সাংবাদিক চন্দনজ্যোতি বৰাৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত এই ক্ষুদ্ৰ পুথিভঁৰালটো উন্মোচন হয় । আলিবাট প্ৰকাশন গোষ্ঠীৰ স্বতাধিকাৰী প্ৰাঞ্জল কুমাৰ মহন্তই সভাখনৰ আঁত ধৰে ।
'চিকুন মহল' নামৰ এই চেলুনখনৰ লগত ক্ষুদ্ৰ পুথিভঁৰালটো সংলগ্ন কৰাৰ সম্পৰ্কত জিলমিল বৰদলৈয়ে কয় যে, চুলি কটাবলৈ অহা লোকখিনিয়ে অপেক্ষা কৰি থকা সময়খিনিত এই আলোচনীসমূহ আগ্ৰহেৰে অধ্যায়ন কৰা পৰিলক্ষিত হোৱাৰ পিছতেই গ্ৰন্থ প্ৰকাশক প্ৰাঞ্জল কুমাৰ মহন্তৰ লগত আলোচনা কৰি চেলুনত গ্ৰন্থ ৰখাৰ ব্যৱস্থা কৰে । বৰ্তমান প্ৰায় এশখনমান গ্ৰন্থ বৰ্তমান চেলুনখনত ৰখাৰ ব্যৱস্থা কৰিছে জিলমিল আৰু আলিবাট প্ৰকাশনে । ভৱিষ্যতে এই প্ৰচেষ্টা সম্প্ৰসাৰিত হ’ব বুলিও মন্তব্য কৰে চেলুনৰ স্বত্বাধিকাৰী জিলমিলে ।

লগতে পঢ়ক : Srimanta Sankaradeva University of Health Sciences: ধ্ৰুৱজ্যোতি বৰাক উপাচাৰ্য নিযুক্তি