নগাঁও, 28 এপ্ৰিল : নগাঁৱৰ হয়বৰগাঁও আৰক্ষী বৃহৎ সফলতা । নগাঁও নাৰ্ছ কলনীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে আটক কৰে এটা সৰবৰাহকাৰীক (Drugs peddler arrested in Nagaon)। নগদ ধনো জব্দ কৰা হয় এই অভিযানত । গোপন সূত্ৰৰ পমখেদি নগাঁৱৰ হয়বৰগাঁও নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত হয়বৰগাঁও আৰক্ষীয়ে নগাঁৱৰ নাৰ্চ কলনীত অভিযান চলাই মেহদি আলম নামৰ এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত ড্ৰাগছ ডিলাৰটোৰ পৰা ২ বাকচ হেৰ'ইন, ৩৫ টা হে'ৰইন ভৰ্তি কন্টেনাৰ, ১৭ টা ATM CARD, ৯২ টা খালি কন্টেনাৰৰ লগতে নগদ ২৪৮০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । ধৃত ড্ৰাগছ ডিলাৰটোৰ ঘৰ নগাঁৱৰ জামুগুৰিত আৰু নগাঁৱৰ নাৰ্চ কলনীৰ এটা ভাড়া ঘৰৰ পৰা চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ।
উল্লেখযোগ্য যে, অধিক তথ্যৰ বাবে সোধপোচ অব্যাহত ৰাখিছে নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে । নগাঁৱৰ হয়বৰগাঁও আৰক্ষী নিতৌ অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ।
লগতে পঢ়ক : SI Exam paper leak : এছ পি লীনা দলেয়ে ক’লে পৰীক্ষাৰ নামত হোৱা নাই কোনো কেলেংকাৰী