বটদ্ৰৱা, 9 মাৰ্চ: বটদ্ৰৱাত পালন দৌল মহোৎসৱ ৷ দেওবাৰে নিশা মাংগলিক ধ্বনিৰে মুখৰিত হ’ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি উৎযাপন কৰা হয় গন্ধোৎসৱ ।
দেওবাৰে নিশা গোবিন্দ গোসাঁইক (শ্ৰীকৃষ্ণৰ মূৰ্তিভাগ) গায়ন বায়ন আৰু আধ্যাত্মিক নীতি নিয়মেৰে ভক্ত সকলে অস্থায়ী ৰভাঘৰত বিঘিনি নাশক মন্ত্ৰ উচ্চাৰণেৰে গোসাঁইক স্থাপন কৰে । থলুৱা প্রাকৃতিক উপাদানেৰে প্ৰস্তুত কৰা এবিধ বিশেষ তেলেৰে নোওৱা হয় গোসাঁইক । গন্ধ তেল বুলি প্রচলিত এই বিশেষ তেল গান্ধ বিৰিঙা, গাঠিয়ন, মিঠি, পিৰিকা ফুলেৰে প্রস্তুত কৰা হয় । স্নান কাৰ্য সম্পাদনৰ পাছতেই গোসাঁইক নতুন বস্ত্র পিন্ধোৱা হয় আৰু গায়ন বায়নে ‘ৰাম ধেমালী’ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ বটদ্ৰৱাৰ আকাশ বতাহ ।
ইফালে ৰাজ্যজুৰি কৰ’ণা ভাইৰাছে মাৰাত্মক ৰূপ ধাৰণ কৰা বাবেই বিভিন্ন অনুষ্ঠান স্থগিত ৰাখিছে যদিও ফাকুৱা উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত পৰা নাই ইয়াৰ কোনো প্ৰভাৱ । গুৰুজনাৰ আৰ্শীষ লবলৈ আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্রান্তৰ হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ ৷