কলিয়াবৰ, 12 জুন: কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত নগাঁৱৰ পৰা ইটানগৰ সংযুক্ত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণত ব্যাপক আসোঁৱাহৰ অভিযোগ উত্থাপন কৰিছে কলিয়াবৰৰ সচেতন মহলে (Defect of construction on four lane national highway) ৷ দেওবাৰে এই সন্দৰ্ভত এখন সংবাদমেল আয়োজন কৰে অঞ্চলটোৰ সচেতন মহলে ৷
![Defect of construction on four lane national highway at Kaliabor](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-may-11-01-press-meet-against-nhidcl-at-kaliabor-vis-bite-asc10014_12062022083316_1206f_1655002996_717.jpg)
এই সংবাদমেলৰ যোগেদি কলিয়াবৰৰ মাজেৰে পাৰ হৈ যোৱা ব্যস্ত ৰাজপথছোৱা চাৰিলেন যুক্ত পথলৈ উন্নীকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে বুলি মন্তব্য কৰে সচেতন মহলে ৷ পিছে এইপৰ্যন্ত পথছোৱাৰ কোনো স্থানতে ৰখা হোৱা নাই সেৱা-পথ, স্থায়ী নলা-নৰ্দমাৰ লগতে যাৱতীয় সা-সুবিধা । ফলত ক্ষোভিত হৈ পৰিছে কলিয়াবৰৰ সচেতন মহল ৷
ইফালে, চৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা বিসংগতি তথা আসোঁৱাহ দূৰ কৰিবৰ বাবে দাবী উত্থাপন কৰি ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁঠনি উন্নয়ন নিগম চমুকৈ NHIDCL ৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীলৈকো লিখিত পত্ৰ প্ৰেৰণ কৰিছিল বুলিও জনায় সচেতন মহলে ৷
কিন্তু এই পৰ্যন্ত কোনো সুফল নাপালে কলিয়াবৰীয়া ৰাইজে ৷ ইয়াৰ পৰিণতিত এই সন্দৰ্ভত আদালতৰ কাষ চাপে কলিয়াবৰৰ কেইজনমান সচেতন ব্যক্তি ৷ চলিত সপ্তাহৰ ভিতৰত বিষয়টোৰ ওপৰত আদালতত শুনানি গ্ৰহণ কৰা হ'ব বুলি এই সংবাদমেলযোগে জনায় স্থানীয় ৰাইজে ৷
লগতে পঢ়ক: KAAC election Result 2022: কাৰ হাতলৈ যাব শাসনৰ বাঘজৰী ?