গুৱাহাটী, 12 জুন : নগাঁৱত চিপিআই, আম আদমী পাৰ্টীৰ প্ৰতিবাদ । অতি শীঘ্ৰেই বাঘজানৰ জুই নিৰ্বাপনৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী । বাঘজানৰ তৈলক্ষেত্ৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ লগতে বিশ্বৰ যিকোনো বিশেষজ্ঞৰ সহায়ত অতি শীঘ্ৰে জুই নিৰ্বাপনৰ ব্যৱস্থাৰ লগতে কেবাটাও দাবীত শুক্ৰবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে চিআই, চিপিআইএম, চিপিআইএলৰ লগতে আম আদমী পাৰ্টীয়ে । নগাঁৱৰ নগাওঁ কলেজ পইণ্টত শাৰীৰিক দূৰত্ব বজাই ৰাখি সাব্যস্ত কৰা প্ৰতিবাদৰ জৰিয়তে দিহিং পাটকাইত কয়লা খনন বন্ধ কৰাৰ লগতে লকডাউনত সমস্যাৰ সন্মুখীন হোৱা দৰিদ্ৰ পৰিয়ালক সহায় কৰা, এনেৰেগাৰ অধীনৰ শ্ৰমিকক মজুৰি বৃদ্ধি কৰাৰ লগতে মুঠ পাঁচটা দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়কঃ বাঘজানৰ তৈলখাদৰ উচিত তদন্তৰ দাবীৰে চিটুৰ প্ৰতিবাদ