ETV Bharat / city

কলিয়াবৰত ১৪৯ জনলৈ বৃদ্ধি পালে ক'ভিড আক্ৰান্তৰ সংখ্যা - কলিয়াবৰ

কলিয়াবৰত মঙলবাৰৰ দিনটোত ১৪ জনকৈ লোক আক্ৰান্ত হৈছে ক'ভিড-১৯ত ৷ আটাইকেইগৰাকীকে ততালিকে হোম আইচ’লেশ্বনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে।

Covid positive rises to 149 in Koliabar
কলিয়াবৰত ১৪৯ জনলৈ বৃদ্ধি পালে ক'ভিড পজিটিভ
author img

By

Published : May 5, 2021, 9:01 AM IST

কলিয়াবৰ, 5 মে': সমগ্ৰ দেশ তথা ৰাজ্যতেই ভয়ংকৰ গতিত বাঢ়ি আহিছে ক’ভিড-19 ৰ সংক্ৰমণজনিত মৃত্যুৰ হাৰ ৷ সদ্যহতে এই সংকটৰ অন্ত পৰাৰ কোনো লক্ষণ নাই ৷ এই সম্পৰ্কত ভাৰতত অনাগত সপ্তাহবোৰ অধিক ভয়ানক হোৱাৰ সম্ভাৱনা আছে বুলি শীৰ্ষ বিশেষজ্ঞই সতৰ্ক কৰি দিছে ।

সমান্তৰালকৈ কলিয়াবৰতে ক্ৰমান্বয়ে জটিল হৈ গৈ আছে ক'ভিড পৰিস্থিতি ৷ প্ৰতি দিনেই ক'ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ মঙলবাৰৰ দিনটোতে কলিয়াবৰত ১৪ জন আক্ৰান্ত হৈছে কভিড-১৯ত ৷

ইফালে জখলাবন্ধা চিকিৎসালয় আৰু জখলাবন্ধাৰ অন্য ৪ টা ক'ভিড পৰীক্ষা কেন্দ্ৰত মঙলবাৰে ৭ জন লোক ক'ভিডত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । ইফালে চিমনাবস্তি চিকিৎসালয়ৰ ক'ভিড পৰীক্ষা কেন্দ্ৰ আৰু আন চাৰিটা ক'ভিড পৰীক্ষা কেন্দ্ৰত কৰা পৰীক্ষাত ৭ জন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷

বৰ্তমানলৈ কলিয়াবৰত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা মুঠ ১৪৯ লৈ বৃদ্ধি হৈছে বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে । ইফালে কৰ’ণাত আক্ৰান্ত হৈ এই পৰ্য‍ন্ত সুস্থ হৈ উঠিছে ৭১ জন ৰোগী আৰু চিকিৎসাধীন হৈ আছে ৭৮ গৰাকী লোক।

লগতে পঢ়ক-নিৰ্বাচনী পৰাজয়ৰ কাৰণ বিশ্লেষণ আঙুৰলতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.