ETV Bharat / city

পলায়ন কৰা কৰ'ণা আক্ৰান্তক আটক কৰি পুনৰ ভৰ্তি চিকিৎসালয়ত

author img

By

Published : Jun 9, 2020, 12:19 PM IST

কৰ'ণা আক্ৰান্ত ৰোগীৰ পলায়নক লৈ নগাঁৱত চাঞ্চল্য । আৰক্ষীয়ে কৰায়ত্ত কৰি ভৰ্তি কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ।

নগাঁৱত কৰ'ণা আক্ৰান্তৰ পলায়ন
নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়

নগাঁও, 9 জুন : নগাঁৱত এম্বুলেঞ্চৰ পৰা কৰ'ণা ভাইৰাছ পজিটিভ ৰোগীৰ পলায়নক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । নিশা কন্দলী মডেল হাস্পতাললৈ অনা অৱস্থাতে এম্বুলেন্সৰ পৰা পলায়ন কৰিছিল ননৈ কচুপিতৰ আবেদুৰ ৰহমান নামৰ যুৱকজনে । বহিঃৰাজ্যৰ পৰা আহি ননৈত কোৱাৰেণ্টাইনত আছিল আবেদুৰ । কোৱাৰেণ্টাইনৰ পৰা হোম কোৱাৰেণ্টাইনলৈ পঠিওৱাৰ পিছতে তেওঁক পজিটিভ বুলি ঘোষণা কৰা হৈছিল ৷

COVID-19 পজিটিভ বুলি ফলাফল লাভ কৰাৰ পিছতে এম্বুলেঞ্চেৰে কন্দলী মডেল হস্পিতাললৈ লৈ যোৱা হয় ৰোগীজনক ৷ কিন্তু হস্পিতাল আহি পোৱাৰ পিছতে এম্বুলেঞ্চৰ পৰা নামি পলায়ন কৰে আবেদুৰ ৰহমানে ৷ ইয়াৰ পাচতে COVID-19 পজিটিভ ৰোগীৰ পলায়নক লৈ হুৱা-দুৱা লাগে স্বাস্থ্য বিভাগ আৰু আৰক্ষীৰ মাজত ৷ পিছত নিশায়েই আৰক্ষীয়ে ৰাঙলুত কৰায়ত্ত কৰি COVID-19 পজিটিভ আবেদুৰক ভৰ্ত্তি কৰে নগাঁও অসামৰিক চিকিৎসালয়ত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.