নগাঁও,3 জুলাইঃ নগাঁৱত দিনক দিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা । এই পৰ্যন্ত জিলাখনত 694 জনলৈ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা । বৃহস্পতিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ তিনিগৰাকী চাফাই কৰ্মী ক্ৰমে ভোলা বাছফৰ,ৰাহুল বাছফৰ আৰু গণেশ বাছফৰ দেহত ধৰা পৰে কোভিড-19 ৰ অৱস্থিতি ৷
উল্লেখ্য যে,বৃহস্পতিবাৰৰ দিনটোত নগাঁৱত মুঠ 15 জন লোকক কোভিড-19 পজিটিভ পোৱা যায়। বৰ্তমান লৈকে নগাঁও জিলাখনত 694 গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত । সম্প্ৰতি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত 87 গৰাকী,কন্দলি মডেল হাস্পতালত 38 গৰাকী, উজৰাগাঁও মডেল হাস্পতালত 24 গৰাকী আৰু মোৱামাৰী হাস্পতালত 40 গৰাকী কোভিড আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে । বাকী আক্ৰান্ত সকলৰ কোভিড-19 ৰ শেহতীয়া ফলাফল নিগেটিভ হোৱাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাৰ অনুমতি দিয়া হৈছে ।
লগতে চাওক-গহপুৰৰ কলাবাৰী মডেল চিকিৎসালয় ৰূপান্তৰিত COVID হাস্পতাললৈ