ETV Bharat / city

ৰূপহীহাটত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ ধৰ্ণা - কামৰূপ জিলা

মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে ৰূপহীহাটত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

Congress Protest Against BJP Govt At Rupahihat, Nagaon District
ৰূপহীহাটত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী
author img

By

Published : Jul 10, 2021, 2:27 PM IST

ৰূপহীহাট, 10 জুলাই : অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত শুকুৰবাৰে ৰূপহীহাটত কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাৰ নেতৃত্বত কংগ্ৰেছৰ সদস্যসকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ পেট্ৰ'লিয়াম জাতীয় সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি চৰকাৰক সমালোচনা কৰে বিধায়ক নুৰুল হুদাই ৷

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে গণস্বাক্ষৰ অভিযান শেষ কৰাৰ পাছতে এক প্ৰতিবাদী চাইকেল সমদল উলিয়াই প্ৰতিবাদকাৰীসকলে ৷ ৰূপহীহাট সমষ্টিৰ প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ কৰ্মীসকলে এই প্ৰতিবাদী চাইকেল সমদলত অংশগ্ৰহণ কৰে ৷ মূল্যবৃদ্ধি প্ৰতিৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰে এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ তোলে প্ৰতিবাদকাৰীসকলে ৷

প্ৰতিবাদী চাইকেল ৰেলী শেষ হোৱাৰ অন্তত ৰূপহীহাট মহাবিদ্যালয়ৰ ওচৰত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে ৷

ইয়াৰ সমান্তৰালকৈ নলবাৰীতো শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মন ৷ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলৰ সৈতে কংগ্ৰেছ দলৰ বিধায়কগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰ্ণা দিয়ে ৷

ঠিক একেদৰে কামৰূপ(গ্ৰাম্য) জিলাৰ আমিনগাঁৱতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শীঘ্ৰে যোগান মন্ত্ৰী তথা মুখ্যমন্ত্ৰীক মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে আছুৰ সদস্যসকলে ৷ অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক- মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.