ETV Bharat / city

নগাঁৱত তীব্রতৰ কংগ্ৰেছৰ দুই লবীৰ সংঘাত

author img

By

Published : Nov 3, 2020, 11:19 AM IST

দিনক দিনে অধিক তীব্রতৰ হৈ উঠিছে নগাঁও কংগ্ৰেছৰ দুই ফৈদৰ সংঘাত । অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ উপস্থিতিৰ সময়তে উত্তপ্ত হৈ পৰে নগাঁৱৰ ৰাজীৱ ভৱন । যোৱাকালি সত্ৰাধিকাৰ, জ্যেষ্ঠ নাগৰিকৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙে ৷

নগাঁৱত তীব্রতৰ কংগ্ৰেছৰ দুই লবীৰ সংঘাত
নগাঁৱত তীব্রতৰ কংগ্ৰেছৰ দুই লবীৰ সংঘাত

নগাঁও, 3 নৱেম্বৰ : ভাগ ভাগ হোৱা অসম প্ৰদেশ কংগ্ৰেছক একত্ৰীকৰণৰ উদ্দেশ্যে অসম ভ্ৰমণলৈ অহা কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিৰ মাজতে সোমবাৰে নিশা উত্তপ্ত হৈ পৰে নগাঁও ৰাজীৱ ভৱন । দীৰ্ঘদিন ধৰি নগাঁও কংগ্ৰেছত অব্যাহত থকা দুই লবীৰ সংঘাত এতিয়া দিনক দিনে অধিক তীব্রতৰ হৈ উঠিছে । এফালে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লবী আনফালে সাংসদ প্ৰদ্যুত বৰদলৈৰ লবী ।

সোমবাৰে দুই কংগ্ৰেছ নেতাৰ দুই লবীৰ সংঘাতৰ ফলতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নগাঁও ৰাজীৱ ভৱনত । কেবাটাও কাৰ্য্যসূচী হাতত লৈ মধ্য অসমলৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং সোমবাৰে নিশা নগাঁও ৰাজীৱ ভৱনত উপস্থিত হোৱাৰ পিছতেই নগাঁও কংগ্ৰেছৰ দুই লবীৰ কৰ্মী সমৰ্থকৰ মাজত সৃষ্টি হয় সংঘাতৰ । দুই লবীৰ কৰ্মী-সমৰ্থকৰ মাজত হতাহতিৰ ঘটনাও সংঘটিত হোৱাৰ দৃশ্য বন্দী হয় ইটিভি ভাৰতৰ কেমেৰাত । ইপিনে জিতেন্দ্ৰ সিঙে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা ভ্ৰমণৰ লগতে জ্যেষ্ঠ নাগৰিক আৰু সত্ৰাধিকাৰৰ সৈতে বৈঠকত মিলিত হোৱাৰ উদ্দেশ্যে নগাঁৱত উপস্থিত হোৱা বুলি মন্তব্য কৰিলে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ।

নগাঁৱত তীব্রতৰ কংগ্ৰেছৰ দুই লবীৰ সংঘাত

অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত সৃষ্টি হোৱা লবীকেন্দ্ৰিক সংঘাতে যে দলটোক শলঠেকত পেলাব সেয়া একপ্ৰকাৰ নিশ্চিত । উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিতেই নগাঁও কংগ্ৰেছৰ দুই লবীৰ সংঘাতে জিতেন্দ্ৰ সিঙৰ কংগ্ৰেছৰ লবী একত্ৰীকৰণৰ একপ্ৰকাৰ ব্যৰ্থতাৰ ইংগিত বহন কৰিছে ।

লগতে পঢ়ক : নগাঁৱত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত তত্বাৱধায়ক জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.