ৰূপহীহাট, 5 মাৰ্চ : বিধান সভা নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত ৰূপহীহাটত কংগ্ৰেছৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ৷ বিধানসভা নিৰ্বাচনৰ বাবে ৰূপহীহাটত কংগ্ৰেছে চলাইছে ডিজিটেল প্ৰচাৰ ৷ ৰূপহীহাট সমষ্টিৰ জুৰীয়াস্থিত জুৰীয়া দ্বি-সাপ্তাহিক বজাৰত বৃহস্পতিবাৰে কংগ্ৰেছে চলায় এই ডিজিটেল প্ৰচাৰ ।
স্থানীয় লোকৰ উপস্থিতিত কংগ্ৰেছে ডিজিটেল মাধ্যমেৰে প্ৰচাৰ অভিযান চলায় । উল্লেখযোগ্য যে, বিধায়ক নুৰুল হুদাই বিগত কাৰ্যকালত ৰূপহীহাট সমষ্টিটোৰ বিভিন্ন ধৰণৰ সমস্যা অসম বিধানসভাৰ মজিয়াত উত্থাপন কৰাৰ দৃশ্য এই ডিজিটেল মাধ্যমেৰে প্ৰচাৰ কৰে ৷
বিধানসভাত উত্থাপন কৰা প্ৰশ্ন আৰু দাবীবোৰ ৰাইজৰ মাজত দেখুৱাই ভোটাৰ ৰাইজৰ মন জয় কৰাৰ নতুন প্ৰয়াস কৰিছে কংগ্ৰেছে ৷ এই কথাবোৰ শুনাৰ পাছত ৰাইজে বুজি উঠিব লাগে তেওঁ বিধান সভাত সমষ্টিৰ বিষয়ে তথা অভাৱ অভিযোগৰ কথা বিধানসভাত দাঙি ধৰিবলৈ সক্ষম হৈছে ৷
লগতে পঢ়কঃ বিধায়ক হ'ব নেকি ৰঞ্জিত দত্ত !