নগাঁও, 23 আগষ্ট: দেওবাৰে নগাঁৱৰ ভকতগাঁও গাঁও পঞ্চায়তৰ গাঁও সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । উইকেণ্ড লকডাউন উলংঘা কৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা এক বিশেষ সভাত দুই পক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ । কংগ্ৰেছ-বিজেপি দুই দলৰ মাজত অভিযোগ-প্ৰতি অভিযোগৰে উত্তাল হৈ পৰে সভাৰ পৰিৱেশ ।
উত্থাপিত অভিযোগ অনুসৰি ভকতগাঁও জিলা পৰিষদৰ সদস্য ওৱাজিবুল্লা কবিৰে ভাষণ দি থকাৰ সময়তে একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । বিজেপি দলৰ নেতাসকলে এই সংঘাত একাংশ কংগ্ৰেছ কৰ্মীয়ে সৃষ্টি কৰাৰ অভিযোগ তুলি স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ নেতাসকলে এয়া কোনো দলীয় সংঘাত নহয় বুলি অভিহিত কৰাৰ লগতে সভাত উপস্থিত থকা দুই এজন সাধাৰণ নাগৰিকহে এনে পৰিস্থিতিৰ সৃষ্টি কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।
ইফালে ভকতগাঁও জিলা পৰিষদৰ বিজেপি নেতা ওৱাজিবুল্লা কবিৰ উপস্থিত থকা এই সভাখন ক'ভিড প্ৰট'কল অনুসৰি অনুষ্ঠিত নোহোৱাৰো অভিযোগ উত্থাপিত হৈছে । কৰ'ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তেই এনেদৰে বহু লোকৰ উপস্থিতিত সভা অনুষ্ঠিত হোৱাক লৈ এতিয়া অঞ্চলটোৰ সচেতন লোকসকলে উদ্বিগ্নতা প্ৰকাশ কৰিছে । আনকি সামাজিক দূৰত্বকো সম্পূৰ্ণ ভেঙুচালি কৰা পৰলক্ষিত হৈছে সভাখনত ।
লগতে চাওক-গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাক লৈ কংগ্ৰেছে কৰিব প্ৰতিবাদ : ৰিপুণ বৰা