নগাঁও, 23 ছেপ্টেম্বৰ: ঘোচখোৰ লাট মণ্ডল ৰঞ্জিত মহন্তৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ শাখাৰ অভিযান (CM vigilance raid in Nagaon) । কেইবাঘন্টা ধৰি ৰঞ্জিত মহন্তৰ নগাঁৱৰ এফলিয়াবৰীৰ বাসগৃহত তন্ন-তন্নকৈ তালাচী চলায় দুৰ্নীতি নিৰ্বাৰক শাখা আৰু আৰক্ষীয়ে । অভিযান কালত মহন্তৰ বাসগৃহৰ পৰা কোনোধৰণৰ আপত্তিজনক সামগ্ৰী আৰু নথি-পত্ৰ উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে । অৱশ্যে আৰক্ষীয়ে লাট মণ্ডলজনৰ ঘৰৰ পৰা মাটি-বাৰীৰ দলিল আৰু বেংকৰ নথি পত্ৰ সংগ্ৰহ কৰে ৷
ইতিমধ্যে, ঘোচ লৈ হাতে-লোটে ধৰা পৰা নগাঁৱৰ লাট মণ্ডল ৰঞ্জিত মহন্তক লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় দুৰ্নীতি নিবাৰক শাখাৰ দল । শুকুবাৰে দুপৰীয়া তিনি হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ দলে আটক কৰে অভিযুক্ত মহন্তক (Allegation of bribery against Lat Mandal in Nagaon) ।
এগৰাকী ব্যক্তিৰ পৰা মাটিৰ ঋণমুক্ত প্ৰমাণপত্ৰ দিয়াৰ নামত লাট মণ্ডল ৰঞ্জিত মহন্তই বিচাৰিছিল এই উৎকোচ (Lat mandal arrested for taking bribe) । এগৰাকী বিষয়াক দিয়াৰ নামত উৎকোচ বিচাৰিছিল লাট মণ্ডল ৰঞ্জিত মহন্তই ।
ইফালে মহন্তৰ পত্নী আৰু একাংশ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ৰঞ্জিত মহন্ত তেনে ব্যক্তি নহয় । তেওঁ সামাজিক আৰু যথেষ্ট ভদ্ৰ ব্যক্তি । তেওঁলোকৰ অভিযোগ মতে, কোনো পৰিকল্পিত ষড়যন্ত্ৰৰ বলি হৈছে মহন্ত ৷
লগতে পঢ়ক: পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত এজন ঘোচখোৰ লাটমণ্ডল