ETV Bharat / city

কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

author img

By

Published : Sep 14, 2022, 3:22 PM IST

Updated : Sep 14, 2022, 4:22 PM IST

১৯৫৮ চনতে স্থাপন হোৱা স্বাস্থ‍্যকেন্দ্ৰটো মুঠ ১৬ কোটি ২৫ লাখ টকাৰ ব‍্যয় সাপেক্ষে উন্নীত কৰা হৈছে । যিখন চিকিৎসালয়ে কলিয়াবৰৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব ।

Etv Bharatকলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ
কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

কলিয়াবৰ, 14 ছেপ্টেম্বৰ: কলিয়াবৰৰ ৰাইজৰ বহু প্ৰত্যাশিত জখলাবন্ধাস্থিত ‘কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়’ আজি উদ্ধোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM inaugurated civil hospital at Kaliabor) ।

কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Minister Keshab Mahanta) আৰু আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ‍্যৰ (Minister Parimal Suklyabaidya) উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই উদ্ধোধন কৰে চিকিৎসালয়খন ।

১৯৫৮ চনতে স্থাপন হোৱা স্বাস্থ‍্যকেন্দ্ৰটো মুঠ ১৬ কোটি ২৫ লাখ টকাৰ ব‍্যয় সাপেক্ষে উন্নীত কৰা হৈছে । যিখন চিকিৎসালয়ে কলিয়াবৰৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব । চিকিৎসালয়খন উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয় যে অনাগত দিনত এই মহকুমা চিকিৎসালয়খন জিলা পৰ্যায়ৰ চিকিৎসালয়লৈ উন্নীত কৰা হ'ব আৰু সেই অনুপাতে ৰোগীৰ বাবে বিচনাৰ সংখ্য়াও বৃদ্ধি কৰা হ'ব ৷ কলিয়াবৰত স্থাপন কৰা মহকুমা চিকিৎসালয়ৰ আন্তঃগাঠনিৰ বাবে বয়িঙে সহযোগিতা আগবঢ়াইছিল আৰ্থিক ক্ষেত্ৰত ।

কলিয়াবৰত শীঘ্ৰে ১০০ বিঘা মাটিত মেডিকেল কলেজ নিৰ্মানৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰীয়ে । ২০২৬ ৰ ভিতৰত ১৬ খন মেডিকেল কলেজ আৰু ২০৩০ ৰ ভিতৰত ২৪ খন মেডিকেল কলেজ নিৰ্মাণৰ পৰিকল্পনা আছে বুলি মুখ্যমন্ত্ৰীয়ে কয় । মুখ্যমন্ত্ৰীয়ে কয়- "২০১৭ত বানপানীয়ে ক্ষতিগ্ৰস্ত কৰা পৰিয়ালক শীঘ্ৰেই আৰ্থিক বান সাহাৰ্য প্ৰদান কৰা হব ।

ব্ৰহ্মপুত্ৰৰ তলেদি জামুগুৰিলৈ কলিয়াবৰৰ পৰা সুৰঙ্গ নিৰ্মাণ প্ৰকল্পৰ বাবে কেইবাহাজাৰ কোটিৰ প্ৰকল্প লোৱা হৈছে ।কলিয়াবৰত ৪ খনকৈ কলেজ স্থাপন হব । এতিয়াৰে পৰা ‘কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়’ৰ এটা অংশ হিচাবে গণ্য কৰা হব পুৰণি জখলাবন্ধা FRU ক । দুয়োখন চিকিৎসালয় সংযোগৰে ১০০ খন বেডৰে চিকিৎসা প্ৰদান কৰা হব ।

ছিটী স্কেন¸ আল্ট্ৰা চাউণ্ড¸এস্ক ৰে¸ব্লাড বেংককে ধৰি অত্যাধুনিক সা-সুবিধা থাকিব কলিয়াবৰ মহকুমা অসামাৰিক চিকিৎসালয়ত । ১৪ জন চিকিৎসক¸১৭ গৰাকী নাৰ্চে চিকিৎসা প্ৰদান কৰিব কলিয়াবৰ মহকুমা অসামাৰিক চিকিৎসালয়ত । ৫০ খন বিচনাযুক্ত হোৱাৰ লগতে সকলো বেডতে সংযুক্ত থাকিব অক্সিজেন চিলিণ্ডাৰ ।

ICU কক্ষটোত ৫ খন বিচনা থাকিব।প্ৰেডিঅ’টিক ICU ৰো সুবিধা থাকিব চিকিৎসালয়খনত ।" উল্লেখ্য যে M/s K K Enterprise নামৰ প্ৰতিষ্ঠানটোৱে ২০২০ ত চিকিৎসালয়খনৰ নিৰ্মান কাৰ্য আৰম্ভ কৰিছিল । ১২ কোটি ৪৭ লাখ টকা আৱন্টন হৈছিল চিকিৎসালয়খনৰ নিৰ্মানৰ বাবে । প্ৰায় ৮০ জন শ্ৰমিকে সম্পূৰ্ণ কৰি তুলিছিল নৱ নিৰ্মিত কলিয়াবৰ মহকুমা অসামাৰিক চিকিৎসালয়খনৰ তিনিমহলীয়া ভৱনটি ।

লগতে পঢ়ক: মৃদুপৱন নেওগৰ বিপৰীতে থানাত হাজিৰ অধিবক্তা

Last Updated : Sep 14, 2022, 4:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.