কলিয়াবৰ, 16 মে’ : কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয়(Golden jubilee celebration of Kaliabor College) ৷ কলিয়াবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ বাটকটীয়া কলিয়াবৰ মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল৷ অনুষ্ঠানত মহাবিদ্যালয়খনে অতিক্ৰম কৰা গৌৰৱময় সময়ৰ স্মৃতি ৰোমন্থন কৰা হয় ৷
![Golden jubilee celebration of Kaliabor College](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-may-15-01-kaliabor-college-golden-jubilee-at-kaliabor-vis-bite-asc10014_15052022144824_1505f_1652606304_809.jpg)
কা’ বিৰোধী আন্দোলন আৰু ক’ভিড পৰিস্থিতিৰ বাবে বিগত সময়ত স্থগিতত আছিল সমাপন অনুষ্ঠান ৷ এই সোণালী জয়ন্তী অনুষ্ঠানতেই কলিয়াবৰ মহাবিদ্যালয়লৈ ভূমিদাতা আৰু গৃহদাতা পৰিয়াল, মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন শিক্ষক-কৰ্মচাৰীসকলক সম্বৰ্ধনা জনোৱা হয় ।
![Golden jubilee celebration of Kaliabor College](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-klbr-may-16-01-cultural-prgram-kaliabor-college-golden-jubilee-at-kaliabor-vis-bite-asc10014_16052022071516_1605f_1652665516_362.jpg)
মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health Minister Keshab Mahanta) ৷
সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ নিশা আয়োজিত সাংস্কৃতিক কাৰ্যসূচীত অংশ লয় কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে । অনুষ্ঠানটি উদ্বোধন কৰে কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃণ্ময় দাসে ।
লগতে পঢ়ক : Tripura new CM oath taking ceremony: উপস্থিত নাথাকিল বিৰোধী দল চিপিআই(এম)