ETV Bharat / city

চি আই ডিৰ প্ৰতিবেদনে উদঙালে জনপ্ৰিয় আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ মিথ্যাচাৰ - CID report declare Kirtikamal bora acquittal on drugs case

অৱশেষত কীৰ্তিকমল বৰাক দোষমুক্ত কৰি চি আই ডিয়ে দাখিল কৰিলে প্ৰতিবেদন (CID report on Kirtikamal Bora encounter)। চি আই ডি ৰ প্ৰতিবেদনত মুখথেকেছা খালে নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । কীৰ্তিকমলক দোষী সাব্যস্ত কৰিবলৈ আনন্দ মিশ্ৰই চেষ্টা চলালেও চি আই ডি ৰ প্ৰতিবেদনত দোষমুক্ত কীৰ্তিকমল বৰা । সোঁ ভৰিত গুলীবিদ্ধ হোৱা কীৰ্তিকমলৰ ভৱিষ্যতক লৈ চিন্তিত কীৰ্তিকমলৰ পৰিয়াল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ কীৰ্তিকমল বৰাৰ পিতৃৰ ।

cid-report-declare-kirtikamal-bora-acquittal-on-drugs-case

author img

By

Published : Jul 6, 2022, 6:29 PM IST

নগাঁও, 6 জুলাই : অৱশেষত অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডি য়ে তদন্ত সম্পূৰ্ণ কৰিছে সমগ্ৰ ৰাজ্য কপোৱা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ (CID probe on Kirtikamal Bora encounter)। চি আই ডিৰ প্ৰতিবেদনত পুনৰ এবাৰ মুখথেকেছা খালে প্ৰচাৰমুখী আই পি এছ বিষয়া তথা নগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ তথা নগাঁও আৰক্ষীয়ে (IPS Anand Mishra)।

ঘটনাটো সংঘটিত হৈছিল চলিত বৰ্ষৰ ২২ জানুৱাৰীত ৷ জাকিৰ হুছেইন নামৰ এজন যুৱকক ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে নগাঁৱৰ কচলুখোৱাত মাৰপিট কৰি থকাৰ সময়তে সেই স্থানত উপস্থিত হৈছিল প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা ৷ যুৱকজনৰ সৈতে প্ৰথমে কথাৰ কটাকটি হয় আৰক্ষীৰ । তাৰ পিছতেই কীৰ্তিকমল বৰাক গুলীয়াই শক্তি প্ৰদৰ্শন কৰিছিল নগাঁও আৰক্ষীৰ সেই সময়ৰ এন্টি নাৰ্কটিক স্কোৱাডৰ দলে (Nagaon police encounter)।

চি আই ডিৰ প্ৰতিবেদনে উদঙালে জনপ্ৰিয় আই পি এছ বিষয়া আনন্দ মিশ্ৰৰ মিথ্যাচাৰ

দলটোক নেতৃত্ব দিয়া এ বি এছ আই প্ৰদীপ বণিয়াৰ বিৰুদ্ধে উত্থাপন হৈছিল কীৰ্তিকমল বৰাক ভুৱা এনকাউন্টাৰ কৰাৰ অভিযোগ (Kirtikamal Bora fake encounter) । কিন্তু সেই সময়ৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই যেন কোনো কাৰণতে মানি ল’ব বিচৰা নাছিল আৰক্ষীৰ ভুল ।

ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত হৈছিল আয়ুক্ত পৰ্যায়ৰ তদন্ত । যি তদন্তত আৰক্ষী বিষয়া প্ৰদীপ বণিয়া দোষী সাব্যস্ত হোৱাৰ পিছতো মানি ল'ব বিচৰা নাছিল আনন্দ মিশ্ৰই । যেন কীৰ্তিকমল বৰাকে দোষী সাব্যস্ত কৰিবলৈ উঠি পৰি লাগিছিল আনন্দ মিশ্ৰ ।

অৱশেষত চি আই ডিৰ তদন্তত পোহৰলৈ আহিছে কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ প্ৰকৃত সত্য (Fake encounter in Nagaon)। মঙলবাৰে চি আই ডি য়ে এইজন আৰক্ষী বিষয়া প্ৰদীপ বণিয়াৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰাৰ বিপৰীতে একপ্ৰকাৰ দোষমুক্ত কৰিলে কীৰ্তিকমল বৰাক । চি আই ডি ৰ প্ৰতিবেদনক লৈ সন্তুষ্টি প্ৰকাশ কীৰ্তিকমল বৰাৰ লগতে পৰিয়ালৰ ।

আৰক্ষীৰ এটা ভুলৰ বাবেই আৰক্ষী বিষয়া হোৱাৰ সপোন দেখা এইজন কীৰ্তিকমল বৰা এতিয়া আবদ্ধ হৈ থাকিবলগীয়া হৈছে ঘৰৰ চাৰিবেৰৰ মাজতে (CID report on Kirtikamal Bora encounter)। কাৰণ এতিয়াও ভালকৈ খোজ কাঢ়িব নোৱাৰে সোঁ ভৰিত গুলীবিদ্ধ হোৱা কীৰ্তিকমল বৰাই । কীৰ্তিকমল বৰাৰ ভৱিষ্যতক লৈ এতিয়া চিন্তিত কীৰ্তিকমলৰ লগতে পৰিয়াল ।

উল্লেখযোগ্য যে, কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ কীৰ্তিকমলক আৰক্ষী বিভাগত নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ কীৰ্তিকমল বৰাৰ পিতৃৰ ।

কীৰ্তিকমল বৰা নিৰ্দোষী প্ৰমাণিত হ’ল ৷ লগতে আৰক্ষীক এনকাউন্টাৰৰ বাবে দিয়া অধিকাৰৰ অপপ্ৰয়োগৰ এক ঘটনাও পোহৰলৈ আহিল ৷ এতিয়া কি হ’ব ? এনকাউন্টাৰ ব্যৱস্থাৰ ওপৰত জনতাৰ আস্থা ৰ’বগৈ নে ? আৰক্ষীয়ে ঘূৰাই আনিব পাৰিব নে নিজৰ বিশ্বাস ? কীৰ্তিকমলৰ কি হ’ব ? আনৰ ভুলৰ বাবে ঘূণীয়া হোৱা যুৱকজনৰ সংস্থাপনৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া অৱশ্যেই হ'ব লক্ষণীয় ।

লগতে পঢ়ক : দোষমুক্ত হৈ কি ক’লে ভুৱা এনকাউন্টাৰৰ ভুক্তভোগী কীৰ্তিকমল বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.