কলিয়াবৰ, 3 নৱেম্বৰ : ভাৰত চৰকাৰৰ সহযোগত সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীন-থাইলেণ্ডৰ এটা দলে অসমৰ বিভিন্ন স্থানত পৰিৱেশন কৰিব সাংস্কৃতিক অনুষ্ঠান ৷ সপ্তাহযোৰা ভ্ৰমণসূচীৰে দুয়ো চুবুৰীয়া ৰাষ্ট্ৰৰ 18 জনীয়া এটা দলে দেওবাৰে পুৱাৰ ভাগত যোৰহাটত পদাৰ্পন কৰে ৷
চীন-থাইলেণ্ডৰ সাংস্কৃতিক দলটোৱে 6 নৱেম্বৰত ভ্ৰমণ কৰিব কলিয়াবৰ মহাবিদ্যালয় ৷ অসম ভ্ৰমণলৈ অহা দলটোক আদৰিবৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে মহাবিদ্যালয়খনে ৷ দলটোক আদৰিবৰ বাবে শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত 'ৰাম বিজয়' অঙ্কীয়া নাট প্ৰদৰ্শন কৰিব মহাবিদ্যালয়খনে ৷ অলঙ্কৃতা গোস্বামী আৰু ঝুণাকঙ্কন ভূঞাৰ তত্বাৱধানত নাটৰ আখৰাত ব্যস্ত হৈ পৰিছে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ।
মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ উদ্যাপনৰ লগত সংগতি ৰাখি বিভিন্ন শিক্ষামূলক কাৰ্যসূচীৰ লগতে সমান্তৰালকৈ সাংস্কৃতিক কাৰ্যসূচীৰো প্ৰস্তুতি চলি আছে ৷
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰকৰ ৰবীন বৰৰ অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত নাটৰ পাচত অনুষ্ঠিত হ'ব চীন-থাইলেণ্ড দলটোৰ সাংস্কৃতিক অনুষ্ঠান ৷ এই অনুষ্ঠানে কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষত এক নতুনত্ব প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ।