ETV Bharat / city

CAG investigation on scholarship scam: কঁপনি উঠিছে ছাত্ৰ বৃ্ত্তিৰ ধন আত্মসাৎকাৰীৰ মনত - minority scholarship scam in Assam

কেগৰ তদন্তত ওলাইছে সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য(Cag investigation on scholarship scam) ৷ নগাঁৱত তদন্ত অব্যাহত ৰখা কেগৰ বিষয়াই প্ৰকাশ কৰিছে এই কথা । বিষয়াগৰাকীকে প্ৰতিবেদন দাখিল কৰাৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা ৷

cag-investigate-post-matric-scholarship-scam-in-assam

author img

By

Published : Aug 7, 2022, 7:08 PM IST

Updated : Aug 7, 2022, 7:25 PM IST

নগাঁও, 7 আগষ্ট: সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ অভিযোগে সম্প্ৰতি জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ তেনে সময়তে এই কেলেংকাৰীৰ তদন্তত নামিছে কণ্ট্ৰ'লাৰ একাউণ্ট জেনেৰেল চমুকৈ কেগ (Cag investigation on scholarship scam ) । বিগত প্ৰায় এসপ্তাহে নগাঁৱত অনুসন্ধান অব্যাহত ৰাখিছে কেগৰ বিষয়াই । বিশেষকৈ জিলাখনৰ জুৰীয়া, ৰূপহীহাট, বটদ্ৰৱা, লাওখোৱা আদি এলেকাৰ ছাত্ৰ ছাত্ৰীৰ নামত একাংশ দালালে ছাত্ৰ বৃত্তিৰ ধন উদৰস্থ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ।

শিক্ষা বিভাগৰ একাংশ বিষয়াই, কোনো কোনো শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক, বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীৰ সৈতে লগ লাগি দালালৰ যোগেদি এই বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । ৰাজ্যখনৰ ভিতৰতে নগাঁৱত সৰ্বাধিক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠাৰ পাছতেই জিলাখনত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে কেগ'ৰ এই গৰাকী বিষয়াই । জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত উপস্থিত হৈ কেগ'ৰ এইজন বিষয়াই তন্নতন্নকৈ পৰীক্ষা কৰিছে ছাত্ৰ বৃত্তিৰ ধন লাভ কৰা শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ পঞ্জীয়নৰ বহী (CAG in probe into student scholarship scam) ।

মেট্ৰিকৰ পূৰ্বে অথবা মেট্ৰিক উত্তীৰ্ণৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰা এই পুঁজিৰ তদন্ত কৰি কেলেংকাৰীৰ বহু তথ্যই লাভ কৰিছে কেগৰ বিষয়াগৰাকীয়ে । আনকি বহু ভুৱা ছাত্ৰ ছাত্ৰীৰ নামত ছাত্ৰ বৃত্তিৰ ধন আৱন্টন কৰোৱাৰ তথ্যই লাভ কৰিছে এইগৰাকী বিষয়াই । ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্তৰ প্ৰতিবেদন অতি কম সময়ৰ ভিতৰতে দাখিল কৰিব বিষয়াগৰাকীয়ে (Scholarship scam in Nagaon) ।

ছাত্ৰী বৃত্তিৰ কেলেংকাৰীৰ অনুসন্ধানত কেগ

ইপিনে নগাঁৱত বাহৰ পাতি থকা কেগৰ বিষয়াগৰাকীৰ পৰিচয় পত্ৰ পৰীক্ষাৰ বাবেও হোটেলৰ নিৰ্দিষ্ট কোঠালীত উপস্থিত হয় নগাঁও আৰক্ষীৰ এটা দল । বিষয়াগৰাকীৰ প্ৰকৃত পৰিচয় পৰীক্ষা কৰে নগাঁও আৰক্ষীৰ দলটোৱে । আনহাতে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ তদন্ত কেগে আৰম্ভ কৰাৰ পাছতেই এতিয়া শংকিত হৈ পৰিছে ছাত্ৰ বৃত্তিৰ ধন হজম কৰা শিক্ষা বিভাগৰ বহু বিষয়াৰ লগতে একাংশ প্ৰধান শিক্ষক বেংকৰ তথা গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী ।

লগতে পঢ়ক : Ansarullah Bangla Team: শিক্ষিত যুৱকক টাৰ্গেট কৰি সাম্ৰাজ্য বিস্তাৰৰ ভয়াৱহ পৰিকল্পনা আনছাৰুল্লাহ বাংলা টীমৰ

Last Updated : Aug 7, 2022, 7:25 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.