চামগুৰি, 6 অক্টোবৰ: নগাঁৱৰ ৰূপহীহাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড (Rape in Nagaon) । প্ৰেমিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ প্ৰেমিকৰ বিৰুদ্ধে ৷ অভিযোগ লম্পটটো ৰূপহীহাট শিঙিমাৰীৰ মজিবুৰ ৰহমান বুলি জানিব পৰা হৈছে ৷ ইতিমধ্যে লম্পট প্ৰেমিকৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত (Rupahihat Police Station) গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ।
ভুক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰা অনুসৰি, যুৱতীগৰাকীক লগ পোৱাৰ চলেৰে অভিযুক্ত প্ৰেমিক মজিবুৰ ৰহমানে গুনাবাড়ী দলঙপাৰৰ পৰা মুখত সোপামাৰি অপহৰণ কৰি নিছিল (boyfriend raped girlfriend) ৷ যুৱতীক অপহৰণ কৰি পাষণ্ড প্ৰেমিক মুজিবুৰে তিনিদিন যুৱতীগৰাকীক বন্ধী কৰি গৈছিল ধৰ্ষণকাণ্ড ।
পূজাৰ বন্ধৰ সুযোগ লৈ যুৱতীগৰাকীক বিদ্যালয়ৰ বন্ধ কোঠাত আৱদ্ধ কৰি মজিবুৰে চলাই গৈছিল ধৰ্ষণকাণ্ড । তিনিদিনৰ পাছত লম্পট প্ৰেমিক মজিবুৰে যুৱতীগৰাকীক ৰাস্তাত পেলাই থৈ যায় । ইয়াৰ পাছতেই যুৱতীগৰাকীয়ে ঘটনাৰ বিষয়ে সদৰী কৰে ৷ ইতিমধ্যে লম্পট প্ৰেমিকৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷
লগতে পঢ়ক: সোণাৰিৰ ৰহনত দুৰ্বৃত্তৰ দাৰ ঘাপত নিহত স্বামী-স্ত্ৰী