হোজাই,22 আগষ্ট: ৰবিবাৰে হোজাইত অনুষ্ঠিত হৈ যায় ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন(Executive meeting of Minority Morcha of Assam state BJP) ৷ সংখ্যালঘু লোকসকলৰ উন্নয়ন-বিকাশৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এই কাৰ্যনিৰ্বাহক সভাখন ৷
'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস' নীতিৰে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে উন্নয়ন সাধনৰ কাৰ্যত ব্ৰতী হৈ আছে ৷ এইক্ষেত্ৰত দেশৰ সংখ্যালঘু লোকসকলৰ সহযোগিতা অতিকৈ প্ৰয়োজন ৷ তদুপৰি সংখ্যালঘু মৰ্চাৰ দায়িত্ব অপৰিসীম । এইদৰে উল্লেখ কৰিলে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰে ৷

শংকৰ নগৰৰ বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন ৷ কাৰ্যনিৰ্বাহক সভাখনত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকি, হোজাই জিলাৰ বিজেপিৰ সভাপতি অনুপ কুমাৰ দেৱ, হোজাই বিধানসভা সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰকে প্ৰমুখ্য কৰি দলৰ বিভিন্ন পৰ্যায়ৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে ।
ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায় এই কাৰ্যনিৰ্বাহক সভাখন ৷
লগতে পঢ়ক: Citizenship Amendment Act: অসমীয়া জাতিক সংখ্যালঘু কৰাৰ বাবে CAA অসমত জাপি দিব বিচাৰিছে: অখিল গগৈ