নগাঁও, 7 ডিচেম্বৰঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাক লৈ অপমান সূচক মন্তব্য কৰা বি পি এফ নেতা তথা বিধায়ক কমলসিং নাৰ্জাৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিধায়িকা আঙুৰলতা ডেকাই ।
কমল সিং নাৰ্জাৰীৰ মন্তব্যৰ বিৰুদ্ধে সাংবাদিকৰ আগত বিধায়িকা আঙুৰলতা ডেকাই মন্তব্য কৰে যে, বিধায়ক নাৰ্জাৰীয়ে বিধান সভাৰ সদস্য পদৰ মৰ্যদা লাঘৱ কৰিছে ৷ লগতে এগৰাকী বিধায়কৰ এনে অশ্লীল মন্তব্যই সমগ্ৰ নাৰী জাতিকে অপমান কৰা বুলি মন্তব্য কৰে আঙুৰলতা ডেকাই । নাৰী জাতিক অপমান কৰা বিধায়ক কমলসিঙ নাৰ্জাৰীক শুদাই নেৰে বুলি হুংকাৰ দিয়ে ৷ শীঘ্ৰেই বি পি এফ নেতাগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে আঙুৰলতা ডেকাই ।
লগতে পঢ়ক-শান্তিপূৰ্ণভাৱে ভোট দানৰ আহ্বান বিপিএফৰ প্ৰাৰ্থী অনচুমৈ খুংগুৰ বড়োৰ