ETV Bharat / city

এলাগী হৈ ৰৈছে ছোভিয়েট ৰাছিয়াত ঢোলৰ যাদুৰে চমক সৃষ্টিকাৰী কলিয়াবৰৰ মাধৱ শইকীয়া - কলিয়াবৰৰ ঢুলীয়া মাধৱ শইকীয়া

ৰঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী (Preparation for Rongali Bihu) ৷ কাইলৈ গৰু বিহু ৷ এই বিহুৰ বতৰতো মন সেমেকা এজন ঢুলীয়াৰ ৷ মাত্ৰ সোতৰ বছৰ বয়সতে ছোভিয়েট ৰাছিয়াত ঢোলৰ যাদুৰে চমক সৃষ্টি কৰা কলিয়াবৰৰ এইজন ঢুলীয়াৰ অৱস্থা সম্প্ৰতি তেনেই দুখলগা ৷ সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

ঢোলত চাপৰ দিয়াৰ পৰিৱৰ্তে দুইহাত ব‍্যস্ত এতিয়া এম. জি. এনৰেগাৰ কামত

author img

By

Published : Apr 13, 2022, 9:29 PM IST

কলিয়াবৰ, 13 এপ্ৰিল : ক’বলৈ লৈছো এজন ঢোলবাদকৰ কথা ৷ মাত্ৰ সোতৰ বছৰ বয়সতে ছোভিয়েট ৰাছিয়াত ঢোলৰ যাদুৰে চমক সৃষ্টি কৰা কলিয়াবৰৰ এইজন ঢুলীয়াজনৰ নাম মাধৱ শইকীয়া ৷ উচ্চতৰ মাধ্যমিকত পঢ়ি থকা কালত ঢুলীয়া ৰূপে মাধৱ শইকীয়া আছিল অনন্য । অসমৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শনৰ লগতে নতুন দিল্লীত নেহৰু যুৱ কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিহু দলটোৰ অন্যতম সদস্য আছিল মাধৱ শইকীয়া ।

কলিয়াবৰৰ পোৰাভেটি গাঁৱৰ মইনা পাৰিজাতৰ জৰিয়তে শিশু অৱস্থাতে সাংস্কৃতিক পথাৰখনত খোজ পেলোৱা কলিয়াবৰ পোৰাভেটিৰ মাধৱ শইকীয়াই সেই সূত্ৰে 1987 চনৰ ভাৰত-ছোভিয়েট মৈত্ৰী চুক্তি অনুযায়ী সাংস্কৃতিক বিনিময় কাৰ্যসূচীত ভাৰতৰ তৰফৰ পৰা প্ৰেৰণ কৰা বিহু দলৰ সদস্য হোৱাৰ সুবিধা লাভ কৰিছিল ।

ৰাছিয়াৰ মস্কো মহানগৰৰ লেনিন ষ্টেডিয়ামত অনুষ্ঠিত এই পোন্ধৰ দিনীয়া সাংস্কৃতিক অনুষ্ঠানত শিল্পী প্ৰতিনিধি ৰূপে অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে অসম চৰকাৰে মাধৱ শইকীয়াক 10,000 টকা, এটা ভি. আই. পি. চ্যুটকেছ, দুখন বিহু চুৰীয়া, গামোছা, টঙালী, এটা ঢোল, টাইসহ এযোৰ চুট, এজোৰ জোতা প্ৰদান কৰিছিল । সেই সময়ত এক ডলাৰৰ ভাৰতীয় মূল্য আছিল 13.25 টকা ।

ঢোলত চাপৰ দিয়াৰ পৰিৱৰ্তে দুইহাত ব‍্যস্ত এতিয়া এম. জি. এনৰেগাৰ কামত

পিছে সেইজন ঢুলীয়াৰ অৱস্থা সম্প্ৰতি তেনেই পুতৌলগা ৷ ঢোলৰ যাদুৰে চমক সৃষ্টিকাৰী শিল্পী মাধৱ শইকীয়াই ঢোলত চাপৰ দিয়াৰ পৰিৱৰ্তে শিল্পীগৰাকীৰ দুইহাত ব্যস্ত এতিয়া এম. জি. এনৰেগাৰ কামত ৷ তাৰ সমান্তৰালকৈ শিল্পীগৰাকীয়ে নিজৰ ঘৰৰ ওচৰৰ চাৰিআলিত গধূলি সময়ত শাক-পাচলি বিক্ৰী কৰি পোহপাল দিছে পৰিয়াল ।

আজি পৰ্যন্ত ৰজাঘৰীয়াৰ সুদৃষ্টি নপৰিল ঢুলীয়া মাধৱ শইকীয়াৰ ওপৰত৷ লোকশিল্পীগৰাকীৰ বহু আবেদন-নিবেদনৰ পাছতো এচাম পাবত-গজা শিল্পীৰ দপ-দপনিত মাৰ যোৱা এই প্ৰকৃত শিল্পীগৰাকীৰ অৱস্থাৰ বিষয়ে আজি পৰ্যন্ত খবৰ নল’লে চৰকাৰে ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে সচেতন ৰাইজ ৷

আজি অতীতৰ স্মৃতি সুঁৱৰি এসাঁজ ভাতৰ বাবে কৰা জীৱন যুঁজৰ জীয়া কাহিনীৰ নায়ক মাধৱ শইকীয়াই প্ৰকৃত শিল্পীৰ পৰিচয়ৰ পৰা বঞ্চিত হৈ থকাটোৱে আমাৰ বৰ্তমানৰ শাসন ব‍্যৱস্থাটোৰ আন্ধাৰৰ দিশটো উদঙাই তুলিছে ।

লগতে পঢ়ক : Pre Bihu Celebration : তেজপুৰৰ যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.