কলিয়াবৰ, 9 জানুৱাৰী : যি সময়ত চৰকাৰে শিশুসকলৰ মধ্যাহ্ন ভোজনৰ বাবে অভিলাসী আঁচনি মুকলি কৰিছে, বিদ্যালয়ে বিদ্যালয়ে শিশুসকলক আহাৰ বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেনেক্ষেত্ৰত একাংশই সুবিধা গ্ৰহণ কৰিছে চৰকাৰী আঁচনিৰ ৷ কলিয়াবৰৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়ত দেখিব পোৱা গৈছে এক ভয়ানক ছবি ৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ধূলি-বালিয়ে বহি গ্ৰহণ কৰিছে মধ্যাহ্ন ভোজনৰ আহাৰ 'খিচিৰি' ৷ উক্ত ঘটনাই স্কুলখনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতিও বিপদ মাতি আনিছে ৷
কলিয়াবৰৰ বেঙেনাআটী চৰকাৰী বুনিয়াদী বিদ্যালয়ত বিগত সময়ত মধ্যহ্ন ভোজনৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Corruption in Mid Day Meal) ৷ এই অভিযোগ উত্থাপন কৰিছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ চৰকাৰে দিয়া নিৰ্দশ মৰ্মে ছাত্ৰ-ছাত্ৰীসকলক সুষম আহাৰ যোগান ধৰাৰ পৰিৱৰ্তে নিম্ন মানদণ্ডৰ খাদ্য যোগান ধৰাৰ ক্ষেত্ৰতো অভিযোগ উত্থাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে (Allegation of corruption in mid day meal) ৷
ইফালে বিদ্যালয়খনৰ চৌহদ চাফা নোহোৱা হেতু ধূলি-বালিৰ ওপৰতে বহি মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবলগীয়া হৈছে ৷ ইয়াৰোপৰি খাদ্যগ্ৰহণৰ সময়ত বিদ্যালয়খনৰ বাৰণ্ডাত উপস্থিত হয়হি কেবাটাও কুকুৰ ৷ যাৰ ফলত এনে অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য গ্ৰহণৰ ফলত বিদ্যালয়খনৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক : বৰপেটাত লৌহ কন্যা লাভলীনা বৰগোঁহাইক ৰাজহুৱা সম্বৰ্ধনা