ETV Bharat / city

এসপ্তাহলৈ বন্ধ কঠিয়াতলীৰ ব্যৱসায়িক প্ৰতিষ্ঠান

author img

By

Published : Jun 4, 2021, 6:25 PM IST

এসপ্তাহলৈ কঠিয়াতলীত সকলো দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ ৷ কৰ’ণাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত জিলা প্ৰশাসনৰ ৷

all shops wiil closed for one week in kathiatoli
এক সপ্তাহলৈ বন্ধ কঠিয়াতলীৰ ব্যৱসায়ীক প্ৰতিষ্ঠান

বঢ়মপুৰ, 4 জুন : এসপ্তাহলৈ নগাঁও জিলাৰ কঠিয়াতলীত সকলো দোকান-পোহাৰ বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ ৷ নগাঁৱৰ কঠিয়াতলীতো ক্ৰমে ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণাই । বিশেষকৈ কঠিয়াতলী দৈনিক বজাৰে মাতি আনিছে অধিক বিপদ ৷ দৈনিক বজাৰত দেখা যায় অধিক মানুহৰ সমাগম ।

সামাজিক দূৰত্ব নামানি শ শ মানুহৰ সমাগম হয় বজাৰ আৰু দোকান-পোহাৰত । যাৰ বাবে কঠিয়াতলীত দিনক দিনে বৃদ্ধি পাইছে কৰ’ণাত গণ সংক্ৰমণ । উল্লেখ্য যে বুধবাৰে কঠিয়াতলীৰ পাঁচটাকৈ স্থানক কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷

কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় প্ৰশাসনে এক সপ্তাহলৈ কঠিয়াতলী দৈনিক বজাৰৰ লগতে সকলো দোকান সম্পূৰ্ণ ৰূপে বন্ধ ঘোষণা কৰিছে । লক ডাউনৰ সময়ত কোনো ধৰণৰ দোকান-বজাৰ খুলিব নোৱাৰিব, লগতে মানুহৰ সমাগম নিষিদ্ধ কৰিছে আৰক্ষীয়ে । উল্লেখ্য যে কঠিয়াতলীৰ কন্দলী চাহ বাগিছাখনৰ বহু শ্ৰমিক কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক : ধেমাজিত গ্ৰেপ্তাৰ NLFB ৰ দূৰ্ধষ কেডাৰ টাইগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.