চামগুৰি, 18 অক্টোবৰ : প্ৰায় এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে নগাঁও জিলাৰ ননৈৰ পানীখাইতিৰ ছমচেদ আলী নামৰ লোকজন ৷ 13 অক্টোবৰত নগাঁৱৰ শিলঘাট-আলিপুৰদুৱাৰ অভিমুখী ৰে’লত গুৱাহাটীলৈ যোৱাৰ সময়তে সন্ধানহীন হয় ব্যক্তিজন ৷ গুৱাহাটীৰ পৰা হায়দৰাবাদলৈ যোৱাৰ কথা আছিল সন্ধানহীন লোকজনৰ ।
![A person went missing while traveling to Gauhati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13384496_ngn.jpg)
ঘটনাটো সংঘটিত হ’বৰ দিনা আলীয়ে সন্ধিয়া প্ৰায় ৭.১৫ বজাত পত্নীলৈ ফোন কৰে ৷ ইয়াৰ পিছত পৰিয়ালৰ লোকে ছমচেদৰ লগত কোনো ধৰণৰ সংযোগ স্থাপন কৰিব পৰা নাই । যাৰ বাবে দেওবাৰে নিশা ঘটনা সন্দৰ্ভত সবিশেষ হয়বৰগাঁও ৰে’ল আৰক্ষীক অৱগত কৰে ছমচেদৰ পৰিয়ালৰ লোকে ৷
হয়বৰগাঁও ৰে’ল আৰক্ষীক এখন পত্ৰ প্ৰদান কৰি এই ঘটনাৰ তদন্ত কৰিবলৈ অনুৰোধ জনায় ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে ৷ লগতে যদি কোনো সদাশয় ব্যক্তিয়ে ছমচেদ আলীৰ সম্ভেদ লাভ কৰে, তেনেহ’লে 7638066583/ 9854582764 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক : কোৱাইকটা সত্ৰৰ বেদখলকৃত ভূমি সত্ৰক অৰ্পণ সংখ্যালঘু ৰাইজৰ