কলিয়াবৰ, 30 জানুৱাৰী: আগন্তুক বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ ৷ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে প্ৰত্যেকটো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে নিৰ্বাচনী ৰণ কৌশল ৷ ইফালে প্ৰত্যেকটো ৰাজনৈতিক দলেই বিভিন্ন জিলাতে অনুষ্ঠিত কৰিছে ইখনৰ পিছত সিখন নিৰ্বাচনী সভা ৷ সমান্তৰালকৈ পিছপৰি ৰোৱা নাই অসম গণ পৰিষদ দলটোও ৷
ইফালে কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেল পথাৰত অহা 31 জানুৱাৰী দেওবাৰে অসম গণ পৰিষদে অনুষ্ঠিত কৰিছে এখন বিশাল জাতীয় ঐক্য সমাৰোহ ৷ উক্ত সমাৰোহ খনৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে ৷ এই বিশাল সমাৰোহ খনত কলিয়াবৰৰ স্থানীয় বিধায়ক তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা, যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংস্কৃতিক গোটৰ নেত্ৰী কল্পনা পাটোৱাৰীকে ধৰি বহু দলীয় সদস্য সমাৰোহত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ পোৱা গৈছে ।
ইফালে জাতীয় সমাৰোহত বিশৰ পৰা পঁচিশ হাজাৰ লোকৰ সমাবেশ ঘটিব বুলি উদ্যোগতা সকলে জানিবলৈ দিছে । ইফালে দলীয় কৰ্মী সকলৰ অভ্যৰ্থনাৰ বাবে সাজু কৰা হৈছে বৃহৎ ভোজনালয়। দেওবাৰে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচীৰে জাতীয় ঐক্য সমাৰোহৰ কাৰ্যসূচী আৰম্ভ হ'ব বুলি উদ্যোক্তা সকলে সাংবাদিকৰ আগত মন্তব্য কৰে ।
লগতে পঢ়ক-বদৰুদ্দিন আজমল চৰম সাম্প্ৰদায়িক মানুহ: আমিনুল হক লস্কৰ