কলিয়াবৰ,24 জানুৱাৰী: 'কা' আৰু 'কৃষি আইন' বিৰুদ্ধে ৰাজ্যত পুনৰ গা কৰি উঠিছে আন্দোলনে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুধীতাৰে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই ভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰাল কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলে সদৌ অসম ছাত্ৰ সন্থাই ৷
ইফালে দেওবাৰেও অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ছাত্ৰ সংগঠনটোৱে ৷ ঠিক একেদৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে কলিয়াবৰত আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কুঁৱৰীটোলত কলা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে কলিয়াবৰ আছুৰ সদস্য সকলে ৷ ।ইফালে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি বিজেপি চৰকাৰৰ বিৰোধিতাৰে বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলে।
ছাত্ৰ সন্থাৰ পথ অৱৰোধৰ ফলত উজনি-নামনিমুখী বহু যান-বাহন ৰাজপথত আবদ্ধ হৈ পৰে । আনহাতে কলিযাবৰ আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা দিয়াৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী মোতায়েন কৰে প্ৰশাসনে ৷
ইফালে নলবাৰী, টীয়ক, ৰঙিয়া,শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সন্থাৰ এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ ঠায়ে ঠায়ে ধাৰা 144 বলবৎ কৰে প্ৰশাসনে ৷ অতি শীঘ্ৰে যদি চৰকাৰে 'কা' আৰু 'কৃষি আইন' বাতিল নকৰে, তেনেহ'লে অনাগত দিনত জংগী আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক-অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন