ETV Bharat / city

শাওণৰ পথাৰত নগাঁৱৰ উপায়ুক্ত - nagaon

লং পেন্ট কোচাই পথাৰত ৰোৱনীৰ লগত ভূঁই ৰুলে নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়াই । লগত জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীলৈ বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে কঁঠীয়া ।

বানাক্ৰান্তৰ মাজত কঁঠীয়া বিতৰণ
author img

By

Published : Jul 28, 2019, 10:21 AM IST

বটদ্ৰৱা, ২৮ জুলাই : প্ৰলয়ংকাৰী বানত খেতি পথাৰ নিঃশেষ হৈ যোৱা কৃষক সকলক চৰকাৰে আগবঢ়াইছে উন্নত মানৰ কঁঠীয়া । নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত সেউজ বিপ্লৱ আঁচনিৰ অধীনত শনিবাৰে ৰঞ্জিত চাব -১ নামৰ ধানৰ বীজ আৰু কঁঠীয়া নগাঁৱৰ বৰক'লাৰ আটিগাঁও,পালেং তলী,বুঢ়াগোহাঁই আৰু সিং গাঁও আদি বিভিন্ন অঞ্চলৰ ২৫ হেক্টৰ কৃষিভূমিত ৰোপণ কৰা হয় । জিলাখনৰ উপায়ুক্ত যাদৱ শইকীয়াই কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী লগতলৈ নিজেই বানে বিনষ্ট কৰা খেতি পথাৰত নামি ভূঁই ৰুই কঁঠীয়া সিঁচি শুভাৰম্ভ কৰে চৰকাৰৰ এই অভিলাষী আচনিৰ ।

বানাক্ৰান্ত ৰাইজৰ কাষত উপায়ুক্ত আৰু কৃষি বিভাগৰ লোক থিয় দিয়াত স্বাভাৱিকতে উৎসাহিত হৈ পৰা পৰিলক্ষিত হয় পৰিছে বানপীড়িত লোকসকল । উল্লেখ্য যে, পূৰ্বাঞ্চলৰ সেউজ বিপ্লৱ আঁচনিৰ অধীনত শালিধানৰ ৰঞ্জিত চাব-১ নামৰ উন্নত ধান বিধ বানপানী হোৱা ঠাইত বৰ উপযোগী । ১৫ দিন পানীৰ তলত থাকিলেও এই ধান বিধৰ কোনো ক্ষতি নহয় ।

শাওনৰ পথাৰত নগাঁৱৰ উপায়ুক্ত

Intro:শাওণৰ পথাৰত ৰোৱনীৰ লগতে ভূঁই ৰুলে নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়া আৰু নগাঁও জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীয়ে ।
Body:শাওণৰ পথাৰত হাতত কঠীয়া লৈ পথাৰত নামিল নগাঁও জিলা উপায়ুক্ত যাদৱ শইকীয়া আৰু নগাঁও জিলা কৃষি বিষয়া অশোক শৰ্মা খাউন্দৰ লগতে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী । লং পেন্ট কোচাই বোকা পানী ফালি বানপানীত ক্ষতি নোহোৱা উন্নত মানৰ ধানৰ কঠীয়া এগোছ দুগুজকৈ ভূঁই ৰুলে জিলা উপায়ুক্ত যাদৱ শইকীয়াই আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী । জিলাখনত বানে বিনষ্ট কৰা খেতি পথাৰত এনে পৰিবেশত দেখা গল উপায়ুক্ত গৰাকীক । প্ৰলয়ংকাৰী বানত কৃষকৰ খেতি পথাৰ নি:শেষ হৈ যোৱাত চৰকাৰে কৃষকলৈ আগবঢ়াইছে উন্নত মানৰ কঠিয়া ।নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত সেউজ বিপ্লৱ আচঁনিৰ অধীনত ৰঞ্জিত চাব -১ নামৰ ধানৰ বীজ আৰু কঠিয়া নগাঁৱৰ বৰক'লাৰ আটিগাও,পালেং তলী,বুঢ়াগোহাঁই আৰু সিং গাঁও আদি অঞ্চলৰ ২৫ হেক্টৰ কৃষিভূমিত ৰোপন কৰা হয়।শণিবাৰে উপায়ুক্ত গৰাকীয়ে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ উক্ত অঞ্চল সমূহত ভূঁই ৰুই কঠিয়া সিঁচি চৰকাৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে । বানাকান্তৰ কাষত উপায়ুক্ত আৰু কৃষি বিভাগৰ লোক থিয় দিয়াত বানপিড়ীত লোক সকল উৎসাহিত হৈ পৰাৰ পৰিলক্ষিত হয় । উল্লেখ্য যে পূৰ্বাঞ্চলৰ সেউজ বিপ্লৱ আচনিৰ অধীনত শালিধানৰ ৰঞ্জিত চাব-১ নামৰ উন্নত ধান বিধ বানপানী হোৱা ঠাইত বৰ উপযোগী । ১৫ দিন পানীৰ তলত থাকিলেঁও এই ধান বিধৰ নহয় কোনো ক্ষতি ।_____________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.