কলিয়াবৰ,6 মে': নগাঁও জিলাৰ জখলাবন্ধা চিকিৎসালয়ৰ অন্তৰ্গত অন্য ৪ টাকৈ ক’ভিড পৰীক্ষা কেন্দ্ৰত ১২ জন লোক ক'ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে চিমনাবস্তি চিকিৎসালয়ৰ ক'ভিড কেন্দ্ৰৰ অন্তৰ্গত আন চাৰিটা ক'ভিড পৰীক্ষা কেন্দ্ৰত কৰা পৰীক্ষাত ৭ জনকৈ লোকৰ দেহত ধৰা পৰে ক’ভিডৰ উপস্থিতি ৷

বৃহস্পতিবাৰে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত আক্ৰান্ত ১৯ গৰাকী ব্যক্তিক হোম আইচ’লেচনত থকাৰ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে । এই পৰ্যন্ত কলিয়াবৰত ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ১৮১ লৈ বৃদ্ধি পালে । বৃহস্পতিবাৰ পৰ্যন্ত সুস্থ হৈ উঠিছে ৯৮ গৰাকীকৈ ব্যক্তি আৰু সক্ৰিয় ৰোগীৰ সংখ্যা ৮৩ গৰাকী ।
লগতে পঢ়ক : মেৰাপানীত 13 খনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ