ETV Bharat / city

আৰক্ষী অধীক্ষকৰ ওচৰত প্ৰতিবাদ মহিলাৰ ! কিন্তু কিয় ? - টিমটিমিয়া গাওঁ

15 মাৰ্চৰ নিশা চোকা অস্ত্ৰৰে আঘাত কৰা ঘটনাক লৈ ব্যাপক চাঞ্চল্য পশ্চিম যোৰহাটৰ বৰ আহোম টিমটিমিয়া গাঁৱত ৷

আৰক্ষী অধীক্ষক ওচৰত প্ৰতিবাদ মহিলাৰ !
আৰক্ষী অধীক্ষক ওচৰত প্ৰতিবাদ মহিলাৰ !
author img

By

Published : Mar 16, 2020, 12:02 PM IST

Updated : Mar 16, 2020, 12:25 PM IST

যোৰহাট, 16 মাৰ্চ: পশ্চিম যোৰহাটৰ বৰ আহোম টিমটিমিয়া গাঁৱত যোৱা 15 মাৰ্চৰ নিশা চুকা অস্ত্ৰৰে আঘাত কৰা ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক চাঞল্যৰ ৷ গাঁওখনৰ মৃদুল দাস নামৰ অপৰাধী জনৰ আক্ৰমণৰ বলী গাঁওখনৰে দণ্ডীৰাম হাজৰিকা নামৰ এজন লোক ৷ দেওবাৰে নিশা সাধাৰণ কথাতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় দণ্ডীৰাম হাজৰিকা ৷ পিচত গাঁৱৰ ৰাইজে সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাই লোকজনক ।

পশ্চিম যোৰহাটৰ বৰ আহোম টিমটিমিয়া গাঁৱত চাঞ্চল্য

ৰাইজৰ অভিযোগ বাৰে বাৰে পুলিবৰ আৰক্ষীক খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত আহি উপস্থিত নহ’ল আৰক্ষী । আনহাতে পুৱাৰ ভাগত পুনৰ গাঁৱৰ ৰাইজক মৃত্যুৰ ভাবুকি দিয়াত মৃদুল দাস আৰু ভাতৃ ৰাতুল দাসৰ বিৰুদ্ধে যোৰহাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ ওচৰলৈ আহি পৰিৱেশ উত্তাল কৰি তুলে স্থানীয় ৰাইজে। ইতিমধ্যে আৰক্ষী অধীক্ষকৰ নিদেৰ্শত আৰক্ষীৰ দল টিমটিমিয়া গাঁৱলৈ ৰাওনা হৈছে যদিও বৰ্তমানে আটক কৰিব পৰা নাই মৃদুল দাসক ।

Last Updated : Mar 16, 2020, 12:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.