ETV Bharat / city

নাগালেণ্ডৰ চোৰাং চিকাৰীৰ হাতত নিধন বনৰীয়া হাতী - নগা চোৰাং চিকাৰী

নাগালেণ্ডৰ লিচাং বস্তিত নগা চোৰাং চিকাৰীয়ে গুলী কৰি হত্যা কৰিছে এটা বনৰীয়া হাতী (Wild elephant killed by poacher at Nagaland) ৷ গিবন অভয়াৰণ্যৰ (Gibbon Wildlife Sanctuary) পৰা খাদ্যৰ সন্ধানত ওলাই পাহাৰলৈ যোৱা বনৰীয়া হাতীক হত্যা কৰি হাতীৰ মাংস ভক্ষণ কৰে নগা চোৰাং চিকাৰীয়ে ৷ কোনে আৰু কিয় ক’লে এই কথা ? সবিশেষ এই প্ৰতিবেদনত...

wild-elephants-from-gibbon-wildlife-sanctuary-killed-by-poacher-at-nagaland
পুনৰ নাগালেণ্ডৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু এটি বনৰীয়া হাতীৰ
author img

By

Published : Dec 25, 2021, 12:55 PM IST

Updated : Dec 25, 2021, 7:01 PM IST

যোৰহাট, 25 ডিচেম্বৰ : পুনৰ বনৰীয়া হাতী হত্যা ৷ নাগালেণ্ডৰ লিচাং বস্তিত হত্যা কৰা হৈছে এটা বনৰীয়া হাতী ৷ সন্দেহ কৰা অনুসৰি, নাগালেণ্ডৰ লিচাং বস্তিত নগা চোৰাং চিকাৰীয়ে হত্যা কৰে এই হাতীটোক ৷

মৰিয়নীৰ গিবন অভয়াৰণ্য (Gibbon Wildlife Sanctuary) ৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিল এই বনৰীয়া হাতীটো (Wild elephant killed by poacher at Nagaland) ৷ অৱশ্যে অসমৰ বন কৰ্মীৰ হাতত এই সন্দৰ্ভত বৰ্তমানেও নাই কোনো তথ্য ৷ জানিব পৰা মতে, বিগত বছৰতো নাগালেণ্ডত চোৰাং চিকাৰীয়ে গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই পাহাৰলৈ যোৱা 2 টা বনৰীয়া হাতীক হত্যা কৰিছিল ৷

নাগালেণ্ডৰ চোৰাং চিকাৰীৰ হাতত নিধন বনৰীয়া হাতী

ETV Bharat ৰ হাতত আহি পৰিছে এক ভয়ংকৰ তথ্য ৷

নাগালেণ্ডৰ লিচাং বস্তিত নগা চোৰাং চিকাৰীয়ে গুলী কৰি হত্যা (Wild elephant killed by Naga poacher) কৰা হৈছিল হাতীটোক ৷ কিদৰে নগালেণ্ডত হত্যা কৰিছিল হাতীটোক সেই সন্দৰ্ভত চিকাৰুক্তি কৰিছে কৰ্মসূত্ৰে নগালেণ্ডত বাস কৰা অসমৰ এগৰাকী অসমীয়া লোকে ৷ নগালেণ্ডত বসবাস কৰা অসমীয়া লোকেজনে উল্লেখ কৰা অনুসৰি, নাগালেণ্ডত চোৰাং চিকাৰীয়ে মুঠতে 3টা বনৰীয়া হাতীক হত্যা কৰিছে ৷

মৰিয়নিৰ এগৰাকী স্থানীয় যুৱকে উল্লেখ কৰা অনুসৰি, বন কৰ্মীৰ বিফলতাৰ বাবেই ইতিমধ্যে নাগালেণ্ডত চোৰাং চিকাৰীৰ হাতত মৃত্যুৰ মুখত পৰিছে বহু বনৰীয়া জীৱ-জন্তু ৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত এই বিষয়ে মন্তব্য কৰাৰ পৰা বিৰত আছে বন বিভাগৰ লোক ৷ নাগালেণ্ডৰ লিচাং বস্তিত হাতীটোৰ মৃত্যু খবৰ বিয়পি পৰা পাচত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মৰিয়নিৰ সচেতন মহলৰ মাজতো ৷

লগতে পঢ়ক : অসম ৰাজ্যিক চিৰিয়াখানাত মাইকী জিৰাফৰ ৰহস্যজনক মৃত্যু

Last Updated : Dec 25, 2021, 7:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.