তিতাবৰ, 4 জুন : সমাগত বাৰিষা । ৰাজ্যৰ কৃষকসকল এতিয়া ব্যস্ত হৈ পৰিছে শালি খেতি কৰাত । কিন্তু অসমৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাৰ বহুতো অঞ্চল বাৰিষাৰ বানে বিধ্বস্ত কৰি খেতিয়কৰ সপোনবোৰ পানীয়ে উটুৱাই লৈ যায় ।
বানবিধ্বস্ত অঞ্চলসমূহৰ অথবা আপেক্ষিকভাৱে দ অঞ্চলৰ কৃষকসকলে বানপানীৰ ফলত ক্ষতিৰ সন্মুখীন ন'হবলৈ তিতাবৰস্থিত আঞ্চলিক কৃষি গৱেষণাগাৰৰ বিজ্ঞানী সকলে ৰঞ্জিত চাব-১ আৰু বাহাদুৰ চাব-১ নামেৰে বানপানীৰ ভৰ সহিব পৰা দুবিধ অধিক উৎপাদনক্ষম জাতৰ উদ্ভাৱন কৰি খেতিয়ক সকলৰ বাবে মুকলি কৰিছে ।
শালিখেতিৰ কঠীয়া সিঁচাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ সময়তে বানবিধ্বস্ত অঞ্চলৰ খেতিয়ক সকলক এই দুবিধ ধানৰ জাতৰ কঠীয়া সিঁচিবলৈ আহ্বান জনাইছে । বজাৰত উপলব্ধ হোৱা বিভিন্ন কোম্পানীৰ ৰঙচঙীয়া বিজ্ঞাপনত ভোল গৈ হাইব্ৰীড ধানৰ খেতি কৰি আৰ্থিকভাৱে লোকচান নহ'বলৈও পৰামৰ্শ আগবঢ়াইছে গৱেষণা প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিজ্ঞানী ড৹ দিলীপ দে'য়ে ।
লগতে পঢ়ক : নিনং এৰিঙৰ সমৰ্থনত উত্তৰ পূৱৰ ছাত্ৰ সমাজৰ ‘টুইটাৰ ষ্টৰ্ম’