ETV Bharat / city

অসম কৃষি বিশ্ববিদ্যালয়ৰ কেচুসাৰ উৎপাদনৰ কৃষক প্ৰশিক্ষণ সম্পন্ন - যোৰহাটত কেচুসাৰ উৎপাদনৰ কৃষক প্ৰশিক্ষণ

অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান(Arunachal Pradesh NIT organise vermicompos Training Camp)ৰ পৃষ্ঠপোষকতাত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় এই প্ৰশিক্ষণ শিবিৰৰ ৷ প্ৰশিক্ষণ কাৰ্যসূচীত কেচুসাৰ উৎপাদন, ব্যৱহাৰ আৰু বৰ্তমান সময়ত কেচুসাৰৰ পৰা বাণিজ্যিক সম্ভাৱনীয়তা আদি দিশৰ ওপৰত আলোকপাত কৰা হয় ।

vermicompost production training camp at Jorhat
অসম কৃষি বিশ্ববিদ্যালয়ৰ কেচুসাৰ উৎপাদনৰ কৃষক প্ৰশিক্ষণ সম্পন্ন
author img

By

Published : Dec 28, 2021, 10:26 PM IST

যোৰহাট, ২৮ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কেচুসাৰ উৎপাদনৰ এটি পাঁচদিনীয়া কৃষক প্ৰশিক্ষণ শিবিৰ(Vermicompost Production Training Camp at Jorhat) অনুষ্ঠিত হয় । ২০ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ অসম কৃষি বিশ্ববিদ্যালয়তৰ এগ্ৰনমি বিভাগৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত কেচুসাৰ উৎপাদন, ব্যৱহাৰ আৰু বৰ্তমান সময়ত কেচুসাৰৰ পৰা বাণিজ্যিক সম্ভাৱনীয়তা আদি দিশৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা হয় ।

বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ প্ৰসন্ন কুমাৰ পাঠকে উদ্ধোধন কৰে প্ৰশিক্ষণ কাৰ্যসূচীৰ ৷ তেওঁ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান অৰুণাচল প্ৰদেশে কেচুসাৰ উৎপাদনৰ জৰিয়তে স্বনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লয় আৰু এই দিশত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সকলোধৰণৰ প্ৰযুক্তিগত সহায় আগবঢ়াব বুলি প্ৰকাশ কৰে । আনহাতে এগ্ৰনমি বিভাগৰ মুৰব্বী অধ্যাপক ড৹ কল্যাণ পাঠকে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত সহযোগী গৱেষণা সঞ্চালক ড৹ মৃণাল শইকীয়া, বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড৹ অনুপ দাসে বক্তব্য আগবঢ়ায় ।

অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদ ,ড৹ মনোৰঞ্জন নেওগ আৰু অৰুণাচল ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপিকা ড৹ মঞ্জুলা দাসৰ লগতে কেইবাজনো অধ্যাপক বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । এগ্ৰনমি বিভাগৰ প্ৰধান বিজ্ঞানী ড৹ খগেন কুৰ্মীৰ পৰিচালনাত আয়োজিত এই প্ৰশিক্ষণত অংশ লোৱা কুৰিজনীয়া কৃষকৰ দলটোৱে কেচুসাৰ উৎপাদনৰ ব্যৱহাৰিক প্ৰণালীৰ প্ৰশিক্ষণ লোৱাৰ উপৰিও ক্ষেত্ৰ অধ্যয়নৰ বাবে কেইবাটাও ব্যৱহাৰিক কেচুসাৰ উদ্যোগ ভ্ৰমণ কৰে । প্ৰশিক্ষণটোৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক : বৰ্তমান যুগত মানুহে বাণিজ্যৰ বাহিৰে একো কথা বুজি নাপায় : দিগন্ত বিশ্ব শৰ্মা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.