ETV Bharat / city

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি...

5 বজাৰ শীৰ্ষ দহটা বাতৰি
5 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Aug 17, 2021, 5:07 PM IST

খন্তেক পিছতেই স্ব-গৃহত ভৰি দিব লাভলীনাই

বহু অপেক্ষাৰ অন্তত অৱশেষত নিজ গাঁৱত উপস্থিত হ’ব অসম গৌৰৱ লাভলীনা বৰগোঁহাই ৷ লাভলীনাক আদৰাৰ বাবে ইতিমধ্যেই বৰপথাৰত কৰা হৈছে বিশাল আয়োজন ৷

টকা মেইন : এইবাৰ ৰাজস্থানীৰ হাতত কিশোৰীক বিক্ৰী কৰিলে খুৰীয়েকে

মাত্ৰ কেইটামান ধনৰ বাবেই ৰাজস্থানৰ এগৰাকী ৪০/৪৫ বছৰীয়া লোকৰ ওচৰত বিবাহৰ বয়স নোহোৱা কিশোৰীক বিক্ৰী কৰাৰ অভিযোগ ৷ এই অভিযোগ উত্থাপিত হৈছে খোদ কিশোৰী গৰাকীৰ খুৰীয়েকৰ বিৰুদ্ধে ৷ জানো আহক ক’ত কেনেকৈ সংঘটিত হৈছে এই ঘটনা ৷

প্ৰসংগ এঘৰীয়া : ব্ৰয়লাৰ কুকুৰা পালন বা বিক্ৰী প্ৰকৃততে অপৰাধ নে ?

যি সময়ত ক’ভিডসৃষ্ট পৰিৱেশে সমগ্ৰ ৰাজ্য তথা দেশৰ অৰ্থনৈতিক অৱস্থাত ব্যাপকভাৱে প্ৰভাৱ পেলাইছে সেই সময়তে ব্ৰয়লাৰ কুকুৰা পালন কৰা তথা এই ব্য়ৱসায়ত জড়িত হৈ সমাজৰ পৰা এঘৰীয়া হৈছে তিনিটাকৈ পৰিয়াল ৷ জানো আহক ক’ত ঘটিল এই ঘটনা ৷

সোণৰ অলংকাৰ বন্ধকত থৈ আৰ্তজনক সহায় কৰা কোন এইগৰাকী মহিলা ?

মানৱতাৰ অন্য এক পৰিচয় দাঙি ধৰিছে গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলাই । আপোন ঘৰখনৰ পৰাও আঁতৰি আহি অসহায় হৈ পৰা হোৱা বহু মহিলাক আশ্ৰয় দিছে দুই নং মঠঘৰীয়াৰ 'জয় মাতা ডি' আশ্ৰমত । এই আশ্ৰমখনত আছে ৫ গৰাকী শিশুও । জীৱনৰ সকলো কষ্টক একাষৰীয়া কৰি আশ্ৰমখনতে এক নতুন জীৱন আৰম্ভ কৰিছে এই লোকসকলে ।

ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ অসন্তুষ্ট বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

পশ্চিম বৰাগাঁৱৰ হাউছফেডৰ প্ৰায় 60 বিঘা মাটিক ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিছে গুৱাহাটী পৌৰ নিগমে ৷ এই স্থানতে বিগত প্ৰায় এক সপ্তাহ ধৰি আৱৰ্জনা পেলাই অহা কাৰ্যৰ বিৰোধিতা কৰিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । ইতিমধ্যে চৰকাৰী সিদ্ধান্তক লৈ স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।

স্বাধীনতা দিৱস উপলক্ষে ITBP ৰ ৮৫০ কি.মি. চাইকেল ৰেলি

স্বাধীনতা দিৱস উপলক্ষে ভাৰত তিব্বত সীমান্ত আৰক্ষী (Indo-Tibbet Border Police) চমুকৈ ITBP ৰ চাইকেল ৰেলি ৷ 15 আগষ্টতেই ইটানগৰৰ পৰা আৰম্ভ হোৱা এই চাইকেল ৰেলি মঙলবাৰে উপস্থিত হয় ITBP ৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় তেজপুৰ ৰঙামাটিত ৷

আফগানিস্তানৰ পৰা নাটো সেনা প্ৰত্যাহাৰ সম্পৰ্কে কি ক'লে পাকিস্তানী ৰাষ্ট্ৰদূতে ?

আমেৰিকাই আফগানিস্তানৰ পৰা নাটো সেনা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱাৰে পৰা তালিবানে আক্ৰামণ তীব্ৰতৰ কৰিছিল । কিন্তু ৰাষ্ট্ৰসংঘত পাকিস্তানৰ ৰাষ্ট্ৰদূত মুনিৰ আক্ৰামে আমেৰিকাৰ এই সিদ্ধান্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

Cash for Job : লখিমপুৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ সহায়ক সোমেশ্বৰ নাথক নিলম্বন

লখিমপুৰত গ্ৰেপ্তাৰ শিক্ষা বিভাগৰ জ্যেষ্ঠ সহায়ক সোমেশ্বৰ নাথ । চাকৰি দিয়াৰ বিনিময়ত ধন লৈছিল দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীজনে । সম্প্ৰতি চাকৰিৰ পৰা নিলম্বন কৰা হৈছে কৰ্মচাৰীজনক ।

মেঘালয়ত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

মেঘালয়ত অচিনাক্ত দুৰ্বৃত্তৰ হাতত নিহত অসমৰ এগৰাকী যুৱক । পেচাত ট্ৰাকচালক যুৱকজন কৰিমগঞ্জৰ দোহালিয়াৰ বাসিন্দা । ইতিমধ্যে মেঘালয় আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব

অসম সত্ৰ মহাসভাই ড৹ দিব্যজ্যোতি শইকীয়াক দুটা কার্যকালৰ বাবে মুখ্য উপদেষ্টা হিচাপে থাকি যুৱ তীর্থক মার্গ দৰ্শনেৰে আগুৱাই নিবৰ বাবে দায়িত্ব অর্পণ কৰিছে ৷ ড৹ দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে 60 তাতকৈ অধিক ৰাষ্ট্ৰীয় বঁটা আৰু প্ৰায় 20 টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.