টীয়ক, 25 আগষ্ট : টীয়কৰ বৃহত্তৰ মেলেং ফেঁচুৱাল সামাজিক উন্নয়ন যৌথ মঞ্চ আৰু স্থানীয় দল-সংগঠন তথা ৰাইজৰ সহযোগত অৱস্থান ধৰ্মঘট ৷ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেলেং-ফেঁচুৱাল সংযোগী পথ মেৰামতিৰ দাবীত মেলেং চাৰিআলিত এক তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
মেলেং-ফেঁচুৱাল সংযোগী পথটোৰ নিৰ্মাণৰ দাবী তুলি তথা পথটোৰ মেৰামতিৰ নামত এক দুষ্ট চক্ৰই ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ঘটনা সন্দৰ্ভত বিগত তিনি মাহৰ পূৰ্বেই স্থানীয় বিধায়িকাগৰাকীক ৰাইজে অৱগত কৰিছিল আৰু পথটি যাতায়তৰ সুচল কৰিবৰ বাবে আবেদন জনাইছিল ৷
অৱশ্যে এই সন্দৰ্ভত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সমূহ দল-সংগঠন,স্থানীয় ৰাইজ একত্ৰিত হৈ এই ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰে । যদি ক্ষিপ্ৰ গতিত এই পথছোৱাৰ মেৰামতি নকৰে তেন্তে পৰৱৰ্তী সময়ত অধিক জংগী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনপ্ৰতিনিধিৰ লগতে সংশ্লিষ্ট বিভাগক সকিয়নী প্ৰদান কৰে ।
লগতে পঢ়ক : দায়বদ্ধতাৰ পৰিচয় দি কোভিড পৰীক্ষাৰ বাবে দীঘলীয়া শাৰী শিক্ষকৰ