টীয়ক, 23 ফেব্ৰুৱাৰী : পেট্ৰ’লজাত সামগ্ৰীৰ ওপৰত চৰকাৰে আৰোপ কৰা কৰ হ্ৰাস কৰাৰ দাবীত মঙলবাৰে টীয়কৰ কলিয়াপানী ব্ল’ক কংগ্ৰেছ কমিটিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ দলটোৱে কেইবাটাও ভাতৃ সংগঠনৰ সহযোগত জগদুৱাৰ পেট্ৰ’ল ডিপুৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি ৬ ফেব্ৰুৱাৰীত দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলত ৫ টকাকৈ কম কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতো বৰ্তমানলৈ কাৰ্যকৰী নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ প্ৰতিবাদকাৰীসকলে ধৰ্মঘটস্থলীৰ পৰাই চৰকাৰক অনতি পলমে পূৰ্বে দিয়া প্ৰতিশ্ৰুতিবোৰ ফলপ্ৰসূ কৰাৰ বাবে আহ্বান জনায় ৷ দলটোৱে লগতে বিজেপিৰ মিথ্যাচাৰৰ বিপক্ষে এইবাৰ জনসাধাৰণে ভোট দি পুনৰ কংগ্ৰেছক শাসনৰ গাদীলৈ আনিব বুলি আশা ব্যক্ত কৰে ।
লগতে পঢ়ক : আজি অস্ত্ৰ সম্বৰণ কৰিব উগ্ৰপন্থী নেতা সংবিজিতে