টীয়ক, 25 আগষ্ট : এগৰাকী ৩০ বছৰীয়া যুৱক,নাম টোফান মালা । ঘৰ বানেধোৱা টীয়কৰ জাঁজীমুখৰ মালা গাঁৱত । বিশেষভাৱে সক্ষম যুৱকজন । জীৱনৰ দুটা বসন্ত অতিক্ৰম কৰোতে জটিল ৰোগত আক্ৰান্ত হোৱাত অকামিলা হৈ পৰে টোফানৰ ভৰি দুখন । অতি দুখীয়া পৰিয়ালৰ সন্তান টোফান উন্নত চিকিৎসাৰ অভাৱত এইদৰে চিৰদিনৰ বাবে ঘুনীয়া হৈ পৰে ।
এইগৰাকী টোফান এতিয়া বহুতৰ বাবে হৈ পৰিছে আদৰ্শ । শাৰিৰীক অক্ষমতাক নেওচি টোফানে বাঁহ বেতৰ বিভিন্ন সামগ্ৰী বিচনী,ডলা,খৰাহী,ঢাৰি আদি নিৰ্মাণ কৰাৰ লগতে মাছ ধৰিবৰ বাবে ব্যৱহৃত জাল আদি প্ৰস্তুত কৰি আহিছে ৷
সেইসমূহ সামগ্ৰী বিক্ৰী কৰি পোৱা উপাৰ্জনৰে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে টোফান । টোফানে চৰকাৰী সাহাৰ্যৰ নামত বছৰি পায় কেৱল মাত্ৰ আঠ হাজাৰ টকা । এখন বিশেষভাৱে নিৰ্মিত চাইকেল লাভ কৰিছিল যদিও বাট-পথৰ জৰাজীৰ্নতাৰ বাবে সেই চাইকেল এতিয়া অব্যৱহৃত হৈ পৰি আছে । সেয়ে চৰকাৰলৈ কিছু সহায় বিচাৰি আহ্বান জনাইছে টোফানে ৷
লগতে পঢ়ক : ৰাজসাক্ষী হোৱাৰ ইচ্ছা APSC কেলেংকাৰীত অভিযুক্ত চিকিৎসক মৃগেন শইকীয়াৰ