যোৰহাট, 14 ছেপ্তেম্বৰ : আগন্তুক 21 বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাথোঁ কেইটামান মাহ বাকী । কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ সময়তে ৰাজনৈতিক দলৰ নেতাসকলৰ ব্যস্ততা বাঢ়ি গৈছে ৷ যিহেতু এতিয়াই খুঁটি নুপুতিলে নিৰ্বাচনৰ সময়ত ৰাইজৰ আস্থা পাবলৈ অথবা ভোট পাবলৈ সক্ষম নহ'ব তাৰবাবে এতিয়া সকলো ব্যস্ত নিজৰ নিজৰ সমষ্টিত সময় দিয়াৰ, ৰাইজ দুখ-দুৰ্দশাৰ বুজ লোৱাত ।
আজি আমাৰ লগত আছে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । আজি মৰিয়নী বিধায়কগৰাকীয়ে ইটিভি ভাৰতৰ সৈতে হোৱা বিশেষ সাক্ষাৎকাৰত জনালে বহুতো বিষ্ফোৰক তথ্য ।
এগৰাকী বিধায়ক হিচাপে 70% হে সফল ৰূপজ্যোতি কুৰ্মী । বিশেষকৈ মৰিয়নী সমষ্টিৰ কাষৰীয়া ৰাজ্য নাগালেণ্ডৰ লগত সঘনাই হোৱা সীমা বিবাদ এতিয়াও সম্পূৰ্ণ ৰূপত সমাধান কৰাত সফল হোৱা নাই বিধায়কগৰাকী । ইয়াৰ উপৰিও আন আন বহুতো সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰিছিল যদিও সফল হোৱা নাই বুলি ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজৰ গণ আন্দোলন সময়ত বিভিন্ন জাতীয় দল সংগঠনসমূহে আন্দোলন কৰি আজি ৰাজনৈতিক দল খুলিলে যদিও নিজৰ সমষ্টি লৈ শংকিত নহয় ৰূপজ্যোতি কুৰ্মী ৷ আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক যিমান ভাল পায় কিন্তু সমানে বেয়া পায়,কাৰণ অখিল গগৈয়ে পূৰ্বৰ বিধানসভা নিৰ্বাচনৰ সময়ত অসমৰ ৰাইজক কৈছিল কংগ্ৰেছক ভোট দিয়া সলনি ভাৰতীয় জনতা দলক ভোট দিয়ক । যাৰ ফলত আজি বিজেপিয়ে এক ফেছিবাদী শাসন চলাইছে । আনহাতে হিন্দুত্ববাদেৰে শাসন ব্যৱস্থা কৰিবলৈ চেষ্টা কৰি আহিছে বিজেপিয়ে ৷ ইয়াৰ বাবেই অখিল গগৈ জগৰীয়া ৷
ইয়াৰ উপৰিও নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত 830 টকাৰে উন্নয়ন সাধন কৰিব বিচৰা বিজেপি চৰকাৰৰ এইয়া মাথো এক নিৰ্বাচনী টোপ । ইতিমধ্যে কাষৰীয়া দেশৰ তুলনাত আমাৰ জিডিপি নিম্নমানৰ । তথাপিও চৰকাৰে আভুৱা হে ভৰি আহিছে । এইবাৰ 21ৰ বিধানসভা নিৰ্বাচনৰ সময়ত হয়তো সমষ্টিৰ ভাগ বতৰা হ'ব পাৰে । যদি তেনে হয় তেতিয়াহ'লে মৰিয়নী সমষ্টিৰ কি হ'ব । যদি সমষ্টি নাথাকে তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মীয়ে কৰিব কি । ইতিমধ্যে ইয়াৰ বাবেও সাজু ৰূপজ্যোতি কুৰ্মী । আনহাতে ৰাজনৈতিক কুজকাৱাজও আৰম্ভ কৰিছে বিধায়কগৰাকীয়ে ৷
এতিয়া প্ৰশ্ন হয় ৰাইজে পুনৰ আদৰি ল'বনে ৰূপজ্যোতি কুৰ্মীক । সেইয়া সময়হে ক'ব ।
লগতে পঢ়ক : এইবাৰ তিতাবৰত সহজ নহ'ব তৰুণ গগৈৰ নিৰ্বাচনী যুঁজ..