ETV Bharat / city

Assamese girl in beauty pageant contest: ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ জীয়ৰী

author img

By

Published : Apr 23, 2022, 2:30 PM IST

ৰাজ্যিক পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত মিছ টিন অসম (MISS TEEN ASSAM) ৰ খিতাপ আঁজুৰি আনিলে যোৰহাট টীয়কৰ জীয়ৰী শ্ৰেষ্ঠা সুধা মহন্তই (Assamese girl in beauty pageant contest) ৷ অষ্টম শ্ৰেণীৰ ছাত্ৰী শ্ৰেষ্ঠাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অঞ্চলবাসী ৷

teok
সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ জীয়ৰী

টীয়ক/চিটাৰা ডেস্ক, 23 এপ্ৰিল : ৰঙালীৰ উছাহৰ মাজতে ৰাজ্যলৈ সুখবৰ ৷ গুৱাহাটীত অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ বঁটাৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে টীয়কৰ শ্ৰেষ্ঠা সুধাই (Assamese girl in beauty pageant contest) ৷ অলপতে স্পাৰ্কে গুৱাহাটীত আয়োজন কৰিছিল এক সৌন্দৰ্য প্ৰতিযোগিতা (Miss Teen Assam title) ৷ বিভিন্ন স্থানৰ প্ৰতিযোগীৰে ভৰি পৰিছিল অনুষ্ঠানটো ৷

উক্ত সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি টীয়কৰ বামুণপুখৰী খাৰঘৰীয়া গাঁৱৰ প্ৰাঞ্জল মহন্ত আৰু নৱনীতা মহন্তৰ একমাত্ৰ কন্যা শ্ৰেষ্ঠাই আঁজুৰি আনিলে MISS TEEN ASSAM খিতাপ (Assamese girl who wins miss assam title) ৷ শ্ৰেষ্ঠা অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ মডেলিঙৰ সমান্তৰালকৈ নৃত্যও কৰিও ভাল পাই শ্ৰেষ্ঠাই ৷ সুন্দৰকৈ বিহু নাচ কৰা শ্ৰেষ্ঠা পঢ়া-শুনাতো পাৰ্গত ৷

শ্ৰেষ্ঠাই মডেলিং জগতত খোজ দিয়া প্ৰায় দুবছৰ হৈছে ৷ উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি খিতাপ বুটলিবলৈ সক্ষম হৈছে শ্ৰেষ্ঠা ৷ নিজ পাৰদৰ্শিতাৰে LITTLE DIVA MISS ASSAM SEASON-3 প্ৰতিযোগিতাত দ্বিতীয় ৰানাৰ্চ আপৰ খিতাপ দখল কৰিছিল শ্ৰেষ্ঠাই ৷

ৰাজ্যিক পৰ্য্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত উজ্বলিল টীয়কৰ জীয়ৰী

বামুণপুখুৰীৰ দৰে অঞ্চলৰ পৰা গৈ ৰাজ্যিক পৰ্যায়ৰ এনে জনপ্ৰিয় সৌন্দৰ্য প্ৰতিযোগিতাত উদিয়মান ছাত্ৰীগৰাকীয়ে দেখুওৱা পাৰদৰ্শিতাত এতিয়া সকলো আনন্দিত হৈ পৰিছে (Miss Teen Assam contest) । ভৱিষ্যতে মডেলিং জগতখনতেই আগবাঢ়ি যোৱাৰ সপোন শ্ৰেষ্ঠাৰ ৷ হৰনাজ সন্ধুক আদৰ্শ হিচাপে গণ্য কৰে শ্ৰেষ্ঠাই ৷

লগতে পঢ়ক: Palak Tiwari latest news: শ্বেতা তিৱাৰীক হট্ মামা বুলি ক’লে বেয়া পাই পলকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.