ETV Bharat / city

যোৰহাটত থপিয়াই নিলে 4 লাখ, হাইলাকান্দিত ATM কাটি লুটি নিলে 27 লাখ - robbery at jorhat

সোমবাৰে যোৰহাটত সংঘটিত হয় চাঞল্যকৰ ঘটনা ৷ ঘৰ নিৰ্মাণ কৰিবলৈ ঋণ লোৱা টকা থপিয়াই লৈ যায় দুৰ্বৃত্তই ৷ হাইলাকান্দিতো ATM কাটি লৈ যায় প্ৰায় 27 লাখ টকা ৷

যোৰহাট
যোৰহাটত থপিয়াই নিলে 4 লাখ
author img

By

Published : Jan 13, 2020, 6:30 PM IST

যোৰহাট, 13 জানুৱাৰীঃ যোৰহাটত চাঞ্চল্যকৰ ঘটনা । এজন ব্যক্তিৰ পৰা থপিয়াই লৈ গ'ল 4 লাখকৈ টকা । যোৰহাট চহৰৰ মাজমজিয়াস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা সোমবাৰে আবেলি পৰত পত্নীৰ সহিতে আহি উলিয়াইছিল টকাখিনি । তেনে অৱস্থাতে কোনো দুৰ্বৃত্তই ব্যক্তিগৰাকীৰ পৰা থপিয়াই লৈ যায় টকাখিনি ৷

যোৰহাটত থপিয়াই নিলে 4 লাখ

উল্লেখ্য যে, জল সম্পদ বিভাগৰ কৰ্মচাৰী কৰ্ণ ডেকা নামৰ ব্যক্তি গাৰীকয়ে ষ্টেট বেংকৰ পৰা চাৰি লাখ টকা উলিয়াই আনি ঘৰলৈ গৈ থকা অৱস্থাতে ৰজাবাৰী অঞ্চলৰ ডিটিঅ অফিচৰ সন্মুখত ক'লা পালছাৰ বাইকত অহা দুজন যুৱকে থপিয়াই লৈ যায় টকাখিনি ৷ আনহাতে, ঘটনা সন্দৰ্ভত ইতিমধ্যে চিনামৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ঘৰ নিৰ্মাণ কৰিবলৈ ঋণ লৈছিল কৰ্ণ ডেকাই । টকা হেৰুৱাই বৰ্তমান অসুস্থ হৈ পৰিছে ব্যক্তি গৰাকী ।

হাইলাকান্দি
হাইলাকান্দিত ATM কাটি লুটি নিলে 27 লাখ

হাইলাকান্দি, 13 জানুৱাৰীঃ হাইলাকান্দিত ATM ত ডকাইতি । দেওবাৰে ৰাতি ষ্টেট বেংক অফ ইণ্ডিয়াৰ ATM কাটি লুট কৰি নিয়ে প্ৰায় 27 লাখ টকা । ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ইতিমধ্যে গ্ৰেপ্তাৰ দুজনকৈ যুৱক ।

হাইলাকান্দিত ATM কাটি লুটি নিলে 27 লাখ

উল্লেখ্য যে, ১২ জানুবাৰী নিশা হাইলাকান্দিৰ আলগাপুৰ বজাৰস্থিত ATM মেচিন কাটি লৈ যায় ধন ৷ আনহাতে, সোমবাৰে ৰাতিপুৱা আলগাপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আবিদুল্লাহ বড়ভূঞা নামৰ এগৰাকী যুৱকক । ধৃত আবিদুল্লাহ ইয়াৰ পূৰ্বেও ATM চোৰৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

আৰু পঢ়কঃ বিধানসভাৰ জৰুৰীকালীন অধিৱেশনত "কা" বিৰোধী প্ৰতিবাদ

Intro:দিন দুপৰতে চাৰি লাখকৈ টকা লুট।।চিলনী চুৰৰ সন্ত্ৰাস পুনৰ সংঘটিত যোৰহাটত।।

Body:যোৰহাটত চাঞল্যকৰ ঘটনা।এজন ব্যক্তিৰ পৰা থপিয়াই নিলে চাৰি লাখকৈ টকা।যোৰহাটৰ চহৰখনৰ সো মাজত থকা ভাৰতীয় ষ্টেট বেংকৰ পৰা দুপৰীয়া ভাগত পৰিবাৰৰ সহিতে আহি উলিয়াইছিল টকাখিনি।উল্লেখযোগ্য যে জল সম্পদ বিভাগৰ কৰ্মচাৰী কৰ্ণ ডেকা ষ্টেট বেংকৰ পৰা চাৰি লাখ টকা উলিয়াই আনি ঘৰৰ গৈ থকা অৱস্থাত ৰজাবাৰী অঞ্চলৰ ডিটিঅ অফিচৰ সন্মুৰ পৰা অপেৰ নামি যোৱা সময়তে কলা ৰঙৰ পালছাৰ বাইকত অহা দুজন যূৱকে থপিয়াই লৈ চহৰৰ দিশৰে গতি কৰে।ইতিমধ্যে চিনামৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
উল্লেখযোগ্য যে ঘৰ নিৰ্মাণ কৰিবলৈ ঋণ লৈছিল কৰ্ণ ডেকাই।টকা হেৰুৱাই বৰ্তমান অসুস্থ হৈ পৰিছে ব্যক্তি জন।

Conclusion:আৰক্ষীয়ে দপদপাই থকাৰ পাছতো কি দৰে দিন দুপৰতে কেনেদৰে এনেধৰণৰ ঘটনা সংঘটিত হল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.