টীয়ক,19 মেঃ টীয়ক নগৰৰ মাজ মজিয়াত গাহৰিৰ মুক্ত বিচৰণক লৈ শংকিত সাধাৰণ জনতা ৷ চৰকাৰ তথা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণপ দাবী জনাইছে স্থানীয় ৰাইজে ৷
ৰাজ্যত ছোৱাইন ফিভাৰৰ বাবে গাহৰিৰ অস্বাভাৱিক মৃত্যু ঘটাৰ পাছতেই এতিয়া সৰ্বত্ৰ আতংকময় পৰিবেশে বিৰাজ কৰিছে । গাহৰিৰ দেহত দেখা দিয়া এই ৰোগৰ সংক্ৰমণ যাতে বাঢ়িব নোৱাৰে তাৰ বাবে পশুপালন বিভাগে কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছিল । স্বয়ং পশু পালন মন্ত্ৰী অতুল বৰাই সংবাদ মেল অনুষ্ঠিত কৰি কৰিছিল কেতবোৰ ঘোষণা । কোনো কাৰণত যাতে গাহৰিৰ মুক্ত বিচৰণ নহয় তাৰ বাবে গাহৰি পালক সকলক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল ৷ এই ক্ষেত্ৰত প্ৰশাসনকো বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল মন্ত্ৰী জনে ।
কিন্তু কাৰ্যত এই ঘোষণা ফুটুকাৰ ফেনতহে পৰিণত হোৱা দেখা গৈছে । এতিয়া টীয়ক নগৰৰ মাজ মজিয়াতেই মুক্ত বিচৰণ কৰা দেখা গৈছে অসংখ্য গাহৰিৰ । খোদ টীয়ক আৰক্ষী থানাৰ সন্মুখতো নিতৌ মুক্ত বিচৰণ গাহৰিৰ । দেখিও নেদেখাৰ ভাও স্থানীয় প্ৰশাসনৰ । উক্ত ঘটনাৰ বাবে এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ এই ক্ষেত্ৰত অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় সচেতন লোকসকলে ।