ETV Bharat / city

যোৰহাটত তীব্ৰ বেগী ডাম্পাৰ খুন্দাত থিতাতে নিহত এজন - ট্ৰাক চালকৰ দৌৰাত্মত প্ৰাণ গ’ল এজন হকাৰৰ

বালি আৰু মাটি কঢ়িওৱা ট্ৰাক চালকৰ দৌৰাত্মত প্ৰাণ গ’ল এজন হকাৰৰ ৷ 18 বছৰ ধৰি বাতৰি কাকত বিতৰণ কৰি আহিছিল লোকজনে ৷

যোৰহাটত তীব্ৰ বেগী ডাম্পাৰ খুন্দাত থিতাতে নিহত এজন

author img

By

Published : Mar 14, 2020, 3:18 PM IST

যোৰহাট, 14 মাৰ্চ: বালি আৰু মাটি কঢ়িওৱা ট্ৰাক চালকৰ দৌৰাত্ম্যত শনিবাৰে প্ৰাণ গ’ল পুলিন দত্ত নামৰ এজন লোকৰ ৷ মৃত ব্যক্তিজন পেচাত এজন হকাৰ ৷ 18 বছৰ ধৰি বাতৰি কাকত বিতৰণ কৰি আহিছিল লোকজনে ৷ চোলধৰা সৌমাৰপীঠত সংঘটিত হয় এই দুৰ্ঘটনা ।

যোৰহাটত তীব্ৰ বেগী ডাম্পাৰ খুন্দাত থিতাতে নিহত এজন

অভিযোগ উঠিছে বালি আৰু মাটি কঢ়িওৱা ট্ৰাক চালক সকলক জিলা প্ৰশাসন,বন বিভাগ আৰু আৰক্ষী প্ৰশাসনে নিয়ন্ত্ৰণ নকৰা ফলতেই সংঘটিত হ’ব পাইছে এই ঘটনা ৷ জনবসতিপূৰ্ণ পথটিত তীব্ৰ বেগত ট্ৰাক সমূহ চলোৱাৰ বাবে পূৰ্বেও এনে বহু পথ দুৰ্ঘটনা সংঘটিত হৈছে । আনহাতে বাহন আৰক্ষীৰ সৈতে ভিতৰুৱা বুজাবুজিৰ বাবেই এনেদৰে ডাম্পাৰ সমূহে তীব্ৰ বেগত বাহন চলাই সন্ত্ৰাস সৃষ্টি কৰি আহিবলৈ সাহস পাইছে। কিন্তু জিলা প্ৰসাশনে গুৰুত্ব আৰোপ নকৰা ফলতেই একালতে মৃত্যুক সাৱটিছে বহু কেইজন লোকে ।

লগতে চাওক- যোৰহাটত ধাবাৰ মালিকৰ হাতত মৃত্যু কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.