ETV Bharat / city

যোৰহাটত এইবাৰ আৰক্ষী উপ মহাপৰিদৰ্শকৰ হাতত নিগৃহীত সাংবাদিক - যোৰহাটত এইবাৰ আৰক্ষী উপ মহাপৰিদৰ্শকৰ হাতত নিগৃহিত সাংবাদিক

আৰক্ষী জোৱানক নিজৰ ঘৰৰ কামত খটুৱাৰ অভিযোগ পূব সংমণ্ডলৰ উপমহাপৰিৰ্দশক শিৱপ্ৰসাদ নাৰায়ণৰ বিৰুদ্ধে ৷ এই খবৰ সংগ্ৰহ কৰিবলৈ যোৱা দুই সাংবাদিকক ভাবুকি উপ মহাপৰিদৰ্শকৰ ৷ কাঢ়ি ললে কেমেৰা, উত্থাপিত হৈছে মবাইল ফোন কাঢ়ি লোৱাৰ দৰে গুৰুত্বৰ অভিযোগ ৷

যোৰহাটত এইবাৰ আৰক্ষী উপ মহাপৰিদৰ্শকৰ হাতত নিগৃহিত সাংবাদিক
author img

By

Published : Nov 19, 2019, 8:08 PM IST

যোৰহাট, 19 নৱেম্বৰ : ৰাজ্যত পুনৰ সংঘটিত হ'ল সাংবাদিক নিগ্ৰহৰ ঘটনা ৷ এইবাৰ খোদ ৰক্ষকৰ হাততেই নিগৃহীত হ'ল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দুই ৰক্ষক ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটত । পূব সংমণ্ডলৰ উপ মহাপৰিৰ্দশকে আৰক্ষী জোৱানক নিজৰ ঘৰৰ কামত খটুৱাৰ ভিডিঅ' সংগ্ৰহ কৰিবলৈ গৈ খোদ উপ মহাপৰিদৰ্শকৰ শিৱপ্ৰসাদ নাৰায়ণৰ হাতত নিগৃহীত হ'ল ৰাজ্যৰ প্ৰতিষ্ঠিত বৈদ্যুটিন সংবাদ প্ৰতিষ্ঠানৰ দুই সাংবাদিক পৰমানন্দ বৰা আৰু ফটো সাংবাদিক পৰাগ গগৈ ৷ ঘটনা অনুসৰি পূব সংমণ্ডলৰ উপ মহাপৰিদৰ্শক শিৱপ্ৰসাদ নাৰায়ণে তেওঁৰ চৰকাৰী বাসগৃহত প্ৰায় অৰ্ধ শতাধিক আৰক্ষী জোৱান ঘৰুৱা কাৰ্যত ব্যৱহাৰৰ খবৰ লাভ কৰাৰ পাছতে বাতৰি সংগ্ৰহৰ বাবে গৈছিল দুই সাংবাদিক কিন্তু ইয়াৰ পাছতে বাতৰিৰ বাবে প্ৰয়োজনীয় ভিডিঅ' সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকৰ কেমেৰা কাঢ়ি লয় শিৱপ্ৰসাদ নাৰায়ণে আৰু কেমেৰাৰৰ পৰা ডিলিট কৰি দিয়ে সমষ্ট ভিডিঅ' ৷ ইয়াৰোপৰি উপ মহাপৰিদৰ্শকৰ শিৱপ্ৰসাদ নাৰায়ণে মোবাইল ফোন কাঢ়ি লোৱাৰ চেষ্টা কৰে বুলিও অভিযোগ কৰে নিগৃহীত সাংবাদিকদ্বয়ে ৷

ইফালে, এই সন্দৰ্ভত সাংবাদ মাধ্যমে উপ মহাপৰিদৰ্শক গৰাকীক প্ৰশ্ন কৰাত তেওঁ এইয়া এক সাধাৰণ ভুল বুজাবুজিৰ ঘটনা বুলি মন্তব্য কৰে৷ আনহাতে নিগৃহীত সাংবাদিকদ্বয়ে ইটিভি ভাৰতৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দৰে সাংবাদিক ৰাজহুৱাভাৱে অপমান কৰাৰ অধিকাৰ শিৱপ্ৰসাদ নাৰায়ণে ক'ত পালে বুলি প্ৰশ্ন কৰে ৷ এই সমগ্ৰ ঘটনাই বৰ্তমান যোৰহাটৰ সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এতিয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ আঁৰৰ ৰহস্য ৷

উপমহাপৰিৰ্দশক শিৱপ্ৰসাদ নাৰায়ণৰ বিৰুদ্ধে সাংবাদিক নিগ্ৰহৰ অভিযোগ

আৰু পঢ়ক: ছিয়াচীনত হিমস্খলনত নিহত চাৰিজনকৈ সেনা

Intro:আৰক্ষীৰ উপ মহা পৰিদৰ্শক দ্বাৰা সাংবাদিক নিগৃহৰ ঘটনা।।Body:এইবাৰ সাংবাদিক নিগৃহৰ ঘটনা সংঘটিত যোৰহাটত।ৰাজ্যখনৰ প্ৰতিষ্ঠিত বৈদ্যুটিন সংবাদ প্ৰতিষ্ঠান সাংবাদিক পৰমানন্দ বৰা আৰু ফটো সাংবাদিক পৰাগ গগৈক পূৱ সংমন্ডলৰ উপ মহা পৰিদৰ্শক শিৱ প্ৰসাদ নাৰায়ণৰ দ্বাৰা নিগৃহ ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে যোৰহাটৰ সংবাদ মহলত।সাংবাদিক গৰাকীয়ে এক সুত্ৰৰ মতে মহা পৰিদৰ্শক গৰাকীৰ চৰকাৰী গৃহত প্ৰায় অৰ্ধ শতাধিক আৰক্ষী চাউনীৰ আৰক্ষী নিজৰ চৰকাৰী গৃহৰ ঘৰুৱা কাৰ্যত ব্যৱহাৰৰ খৱৰ সংগ্ৰহ কৰাৰ সময়ত এই ঘটনা সংঘটিত হয়।উল্লেখযোগ্য যে মহা পৰিদৰ্শক গৰাকীয়ে সাংবাদিকৰ কেমেৰা পৰা বলপূৰ্বক ভাৱে ভিডিঅ ডিলাট কৰা লগতে মবাইল ফনো কাঢ়িব লোৱাৰ গুৰুত্ব অভিযোগ উত্থাপিত কৰিছে।ইতিমধ্যে যোৰহাটৰ বৈদ্যুটিন সাংবাদিকৰ মহলৰ আগত মহা পৰিদৰ্শক গৰাকীয়ে এইয়া এক ভূল বোজা বুলি উল্লেখ কৰিছে।আনহাতে নিগৃহ হোৱা সাংবাদিক গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মহা পৰিদৰ্শক গৰাকীয়ে ৰাজহুৱা ভাৱে অপমান কৰাৰ অধিকাৰ কেনেকৈ পালে।এই ঘটনাই সমগ্র যোৰহাটৰ সাংবাদিক মহলৰ লগতে সচেতন মহলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।Conclusion:
উল্লেখযোগ্য যে যি সময়ত আৰক্ষীৰ উপযুক্ত পৰিমাণৰ অভাৱত যোৰহাট চহৰখনত বিভিন্ন অপৰাধ জনীত ঘটনা বৃদ্ধি পাইছে।তেনেস্থলত এজন আৰক্ষীৰ মহা পৰিদৰ্শক চৰকাৰী গৃহত ইমান বৃহৎ সংখ্যক লোকক ব্যৱহাৰৰ কৰা ঘটনাই কি সুচাইছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.