ETV Bharat / city

বিশ্বকৰ্মা পূজাৰ পূৰ্বে বতৰৰ বিধি পথালি

author img

By

Published : Sep 16, 2020, 6:25 PM IST

কাইলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । কৰ’ণা মহামাৰীৰ বাবেই এই বৰ্ষ ম্লান পৰিছে পূজাৰ উন্মাদনা । তাতেই আকৌ ভূতৰ ওপৰত দানৱ পৰাদি পৰিছে বৰষুণজাকে ৷

বিশ্বকৰ্মা পূজাৰ পূৰ্বে বতৰৰ বিধি পথালি
বিশ্বকৰ্মা পূজাৰ পূৰ্বে বতৰৰ বিধি পথালি

যোৰহাট, 16 ছেপ্তেম্বৰ: বৃহস্পতিবাৰে দেশজুৰি পালন কৰা হ’ব বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা ৷ কিন্তু পূজাৰ বতৰত এইবাৰ বিধি পথালি বৰুণ দেৱতাৰ । ইতিমধ্যে কৰ’ণা মহামাৰীৰ বাবেই এই বৰ্ষৰ পূজা বহু পৰিমাণে ম্লান পৰিছে যদিও তাতেই আকৌ ভূতৰ ওপৰত দানৱ পৰাদি পৰিছে নেৰা-নেপৰা বৰষুণজাক ।

বিশ্বকৰ্মা পূজাৰ পূৰ্বে বতৰৰ বিধি পথালি

পুৱাৰ পৰাই নেৰানেপেৰা বৰষুণৰ ফলত গ্ৰাহকৰ পৰিমাণ কমি আহিছে ৰাজ্যৰ বজাৰ সমূহত। তথাপি যোৰহাটৰ বজাৰত পৰিলক্ষিত হৈছে ব্যাপক ভিৰ । সৃষ্টি হৈছে যান-জঁটৰ। আনহাতে শাৰী শাৰী ৰং বিৰঙৰ মালাই যোৰহাটৰ বজাৰত সৃষ্টি কৰিছে পূজাৰ পৰিৱেশ ।

এতিয়া ভিৰ আৰু পূজাৰ পৰিৱেশ হোৱাৰ পাছতো গ্ৰাহকৰ বাবে অপেক্ষাৰত ব্যৱসায়ী সকল। পূজাৰ দিন কেইটাতে যোৰহাটৰ অস্থায়ী পদপথৰ ব্যৱসায়ী সকলৰ মুখলৈ হাঁহি আনে,কিন্তু এইবাৰ সম্পূৰ্ণ ব্যতিক্ৰম ।

কিন্তু বজাৰত হোৱা ব্যাপক ভিৰে এতিয়া আন এক চিন্তা আনিছে সচেতন মহলৰ মাজত । কৰ’ণা সংক্ৰমণৰ বাবে ইতিমধ্যে সামাজিক দূৰত্ব মানি চলা এই নিয়ম এতিয়া বগা হাতীত পৰিণত হোৱা পৰিলক্ষিত হৈছে ঠাইয়ে-ঠাইয়ে ।

লগতে চাওক-ভাড়াত দিয়ে নেকি আপোনাৰ গাড়ীখন ? তেন্তে সাৱধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.