ETV Bharat / city

বাৰিষাৰ পথাৰ নে যাতায়তৰ বাবে এটা পথ ! বিপাঙত ৰাইজ

author img

By

Published : Jul 9, 2022, 10:18 AM IST

এটা বিধ্বস্ত পথে জলা-কলা খুৱাইছে টীয়কৰ তামুলীছিগা মুছলিমবাসীক (Poor Road condition at Teok) ৷ এজাক বৰষুণতে কদৰ্য ৰূপ ধাৰণ কৰা পথটোৰ মেৰামতিৰ বাবে দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

Public protest Potholes by Planting Paddy Saplings at Teok
বাৰিষাৰ পথাৰ নে যাতায়তৰ বাবে এটা পথ ! বিপাঙত ৰাইজ

টীয়ক, 9 জুলাই: উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত তামুলীছিগা মুছলিমৰ ৰাইজ ৷ কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে শুকুৰবাৰে ৰাইজে উদঙালে উন্নয়নৰ প্ৰকৃত ছবি ৷ টীয়ক সমষ্টিৰ তামুলীছিগা মুছলিম গাঁৱৰ এটা পথে এতিয়া বাৰুকৈয়ে জলাকলা খুৱাইছে গঞা ৰাইজক ৷

পথচোৱা মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ যাতায়ত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এই বোকাময় পথটোৰে অতি কষ্টেৰে অহা যোৱা কৰিবলগীয়া হৈছে গাঁওবাসী, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী তথা ৰোগীয়ে (Poor Road condition at Teok) ৷ ফলত ক্ষোভিত হৈ অঞ্চলটোৰ লোকে জৰাজীৰ্ণ পথটোৰ ওপৰতে ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ (Public protest Potholes by Planting Paddy Saplings) ৷

সমষ্টিটোৰ বিধায়িকা, পঞ্চায়তখনৰ সভাপতি তথা খণ্ড উন্নয়ন বিষয়াৰ এই বিষয়ত বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলটোৰ গঞা ৰাইজৰ (Public protest against poor Road condition at Teok ) ৷ ইপিনে অঞ্চলটি মুছলিম সম্প্ৰদায়ৰ বসতিস্থল হোৱাৰ বাবে চৰকাৰৰ কৃপাদৃষ্টি পৰা নাই বুলিও ভুক্তভোগী জনতাই মন্তব্য কৰি শীঘ্ৰেই এই জৰাজীৰ্ণ পথটি যাতায়তৰ বাবে সুচল কৰি তুলিবলৈ অনুৰোধ জনাইছে অঞ্চলটোৰ গঞা ৰাইজে ৷

ইফালে, বাৰিষা অহাৰ লগে লগে পথটোৱে এতিয়া পথাৰসদৃশ ৰূপ লোৱাত ত্ৰাহি মধূসূদন সুঁৱৰিছে সাধাৰণ জনতাই ৷

লগতে পঢ়ক: আজি ডিব্ৰুগড়ৰ অনুষ্ঠিত হ'ব বিজেপিৰ বিষয়ববীয়া সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.